ঘোষণা হ’ল নীট ইউজি ২০২৫১ ফলাফল৷(NEET UG 2025 Result)নীট ইউজি ২০২৫ৰ ফলাফল শনিবাৰে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই৷ নীট ইউজি ২০২৫ত অৱতীৰ্ণ হোৱা ২২.০৯ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত ১২,৩৬,৫৩১গৰাকীক যোগ্য ঘোষণা কৰা হৈছে৷ সৰ্বোচ্ছ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ [১.৭০ লাখ], তাৰ পিছতে আছে মহাৰাষ্ট্ৰ [১.২৫ লাখ] আৰু ৰাজস্থান [১.১৯ লাখ]৷ যোৱা বছৰৰ ১৩.১৫ লাখ যোগ্য প্ৰাৰ্থীৰ তুলনাত এইবাৰ যোগ্য প্ৰাৰ্থীৰ সংখ্যা কম৷ অৱশ্যে যোৱা বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাও ২৩.৩৩ লাখতকৈ অধিক আছিল ৷
যোৱা বছৰৰ তুলনাত কাট অৱ মাৰ্ক যথেষ্ট হ্ৰাস পাইছে, কিয়নো প্ৰশ্নকাকত সাধাৰণতকৈ কঠিন আছিল৷ জেনেৰেল আৰু ই ডব্লিউ এছঃ ১৪৪ অ’ বি চি, এছ চি আৰু এছ টিঃ ১১৩, সাধাৰণ আৰু ই ডব্লিউ এছ পি ডব্লিউ ডিঃ ১২৭, অ’বিচি, এছচি আৰু এছটি পিডব্লিউডিঃ ১১৩,২০২৪ চনত জেনেৰেল আৰু ই ডব্লিউ এছ শাখাৰ কাট অৱ আছিল ১৬২ আৰু অ’ বি চি, এছ চি আৰু এছ টি শাখাৰ বাবে ১২৭, ২০২৫ চনত এই শাখাসমূহত ১৮ আৰু ১৪ নম্বৰ হ্ৰাস পোৱা দেখা গৈছে৷ এম বি বি এছ, ডেণ্টেল, নাৰ্ছিং, বি এ এম এছ, বি ইউ এম এছ, বি এইচ এম এছ আৰু বি এছ এম এছকে ধৰি বিভিন্ন পাঠ্যক্ৰমত মুঠ ২.৪০ লাখ আসন উপলব্ধ৷
মেডিকেল, ডেণ্টেল, আয়ুষ আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে নামভৰ্তি পৃথক কাউন্সেলিং ছেছনৰ জৰিয়তে কৰা হ’ব৷ ইয়াৰে এম বি বি এছৰ বাবে ৰ.০৮ লাখ আসন, চৰকাৰী চিকিৎসালয়ত প্ৰায় ৫৬ হাজাৰ আৰু ব্যক্তিগত মহাবিদ্যালয়ত প্ৰায় ৫২ হাজাৰ আসন উপলব্ধ৷ শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাৰ মতে, ৭২০ নম্বৰৰ ভিতৰত ১৪৪ নম্বৰ লাভ কৰা প্ৰাৰ্থীক এইবাৰ কাউন্সেলিঙৰ বাবে যোগ্য বুলি বিবেচিত হয়৷ কিন্তু এই স্ক’ৰত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন পোৱাটো কঠিন৷ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সম্ভাৱনা বেছি যদিও তেওঁলোকৰ মাচুল যথেষ্ট বেছি৷ বেছি ভাগ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী প্ৰতিষ্ঠানক পছন্দ কৰাৰ অন্যতম মূল কাৰণ এইটোৱেই ৷
ৰাজস্থানৰ ছাত্ৰ মহেশ কুমাৰ এইবাৰ নীট পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে৷ মধ্য প্ৰদেশৰ পৰা উৎকৰ্ষ অৱধিয়াই দ্বিতীয় স্থান দখল কৰে৷ দিল্লীৰ অবিকা আগৰৱালে সৰ্বভাৰতীয় পৰ্যায়ত পঞ্চম স্থান লাভ কৰিছে আৰু তেওঁ মহিলাৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে৷ শীৰ্ষ ১০গৰাকী যোগ্য প্ৰাৰ্থীঃ মহেশ কুমাৰ, উৎকৰ্ষ অৱধিয়া, কৃশাংগ যোশী, মৃণাল কিশোৰ ঝা, অবিকা আগৰৱালা, জেনিল বিনোদভাই ভায়নী, কেশৱ মিট্টল, ঝা ভব্য চিৰাগ, হৰ্ষ কেদাৱট, আৰৱ আগৰৱালা৷