অপশক্তিৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিছে(NEET-UG) ডিজিটেল ষ্ট্ৰাইক৷ পাকিস্তানৰ কেইবাটাও ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছে৷ শেহতীয়াকৈ নীট-ইউ জি সম্পৰ্কে ভুৱা তথ্য প্ৰচাৰ কৰাৰ সন্দৰ্ভত চলোৱা অভিযানত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (এনটিএ) চিনাক্ত কৰিছে ১০৬টা টেলিগ্ৰাম আৰু ১৬টা ইনষ্টাগ্ৰাম চেনেল৷ বৃহস্পতিবাৰে এক সূত্ৰই জানিবলৈ দিয়ে এই কথা৷ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত প’ৰ্টেলে আগন্তুক চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ ১৫০০ৰো অধিক দাবী উত্থাপন কৰিছে৷
নীট পৰীক্ষা প্ৰক্ৰিয়াৰ অখণ্ডতা ৰক্ষাৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ হিচাপে সংস্থাটোৱে নীটৰ প্ৰশ্নকাকত লাভ কৰা বুলি দাবী তুলি একাংশ প্ৰৱঞ্চনামূলক টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰাম চেনেলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে৷ বিশেষ সূত্ৰই জনোৱা মতে শেহতীয়াকৈ প্ৰকাশ পোৱা কিছু সন্দেহজনক প্ৰতিবেদন, প’ৰ্টেলৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত অনুসন্ধান চলাই এনটিএ-ই ভুল তথ্য প্ৰচাৰ কৰা আৰু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা ১০৬টা টেলিগ্ৰাম আৰু ১৬টা ইনষ্টাগ্ৰাম চেনেল চিনাক্ত কৰিছে৷ সূত্ৰটোৱে লগতে কয় ‘এই গোচৰসমূহ আনুষ্ঠানিকভাৱে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (আই চ্ছ্ৰ চি) লৈ আইনী আৰু তদন্তমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে৷’ এনটিএয়ে টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰামক প্ৰাৰ্থীসকলৰ মাজত মিছা তথা অপ্ৰয়োজনীয় খবৰ বিয়পোৱাটো প্ৰতিহত কৰিবলৈ চেনেলবোৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷
সূত্ৰটোৱে কয় যে টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰামক এই গোটসমূহৰ প্ৰশাসকসকলৰ সবিশেষ আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সৈতে শ্বেয়াৰ কৰিবলৈ আহ৩ান জনোৱা হৈছে, যাতে তাৎক্ষণিক তদন্ত আৰু বিচাৰৰ ব্যৱস্থা কৰিব পৰা যায়৷