Breaking

সৃজনগ্ৰামৰ পাখিৰিগুৰিত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত Local Theme Base শীৰ্ষক কৰ্মশালা

0 49

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ পাখিৰিগুৰিত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত Local Theme Base শীৰ্ষক কৰ্মশালাৰ লগত সংগতি ৰাখি বাল্য বিবাহ, সমাজৰ ব্যাধি স্বৰূপ ড্ৰাগছ সেৱনৰ ভয়াবহতাৰ সম্পৰ্কে এক সজাগতামূলক সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাত সৃজনগ্ৰাম উন্নয়ণ খণ্ডৰ অন্তৰ্গত মুঠ ১১ টা ক্লাবৰ সদস্যৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত সভাখন‌ অনুষ্ঠিত কৰা হয়।

সমগ্ৰ দেশতে বাল্য বিবাহ নিষিদ্ধ কৰি আইন প্ৰণয়ন কৰা হৈছে যদিও ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্য বিবাহ। সমাজৰ ব্যাধিস্বৰূপ বাল্য বিবাহ ৰোধ আৰু ড্ৰাগছ সেৱন মুক্ত কৰাৰ উদ্দেশ্যে সৃজনগ্ৰামৰ পাখিৰিগুৰিত নৱ ভাস্কৰ সংঘৰ প্ৰাংগনত নেহৰু যুৱ কেন্দ্ৰ বঙাইগাঁৱৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা।

নেহৰু যুৱ কেন্দ্ৰ বঙাইগাঁৱৰ উদ্যোগত অনুষ্ঠিত সভাখনৰ জৰিয়তে ৰাজ্যখনৰ লগতে নিজৰ অঞ্চল সমূহ বাল্য বিবাহ মুক্ত আৰু ড্ৰাগছ সেৱন মুক্ত অঞ্চল হিচাপে গঢ় দিয়াৰ বাবে আহ্বান জনায়।

নৱ ভাস্কৰ সংঘৰ সভাপতি ‌ৰাম প্ৰসাদ ৰায়ে আঁতধৰা অনুষ্ঠানটোত চক্ৰভৌম গাওঁ পঞ্চায়তৰ সভাপতি ৰজনি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভা খনত উপস্থিত ১১টা ক্লাবৰ সদস্যৰ লগতে সৃজনগ্ৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমজান আলী, নৱ ভাস্কৰ সংঘৰ সভাপতি ‌ৰাম প্ৰসাদ ৰায়, চক্ৰভৌম গাওঁ পঞ্চায়তৰ সভাপতি ৰজনি ৰায়, নেহৰু যুৱ কেন্দ্ৰৰ সৃজনগ্ৰামৰ স্বেচ্ছাসেৱীকা কবিতা বেগম, চক্ৰভৌম গাওঁ পঞ্চায়তৰ সদস্যা পঞ্চমী ৰায় আদিয়ে বাল্য বিবাহ প্ৰতিৰোধ, শিশু সুৰক্ষাৰ আৰু ড্ৰাগছ সেৱন আৰু প্ৰতিৰোধৰ ওপৰত বিষদ ব্যখ্যা দাঙি ধৰে।

নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত Local Theme Base শীৰ্ষক কৰ্মশালাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সজাগতামূলক সভা খনৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে শলাগ লৈছে।

Leave A Reply