নেপালৰ ৰাজনীতিত (Nepal News) এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটাই ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ ব্যাপক বিজয়ৰ পিছত দেশখনৰ শাসনৰ ভাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছে বলেন শ্বাহ৷ তেওঁ হব দেশখনৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী৷নেপালৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৩৫ বছৰীয়া বলেন্দ্ৰ শ্বাহে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে৷ কাঠমাণ্ডুৰ প্ৰাক্তন ৰেপাৰ, ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ আৰু মেয়ৰ শ্বাহে অলিৰ নিজা সমষ্টি ঝাপা-প্তত প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক পৰাস্ত কৰি অলিৰ ১৮,৭৩৪টা ভোট লাভ কৰাৰ বিপৰীতে ৬৮,৩৪৮টা ভোট লাভ কৰে নেপালৰ সংসদীয় ইতিহাসৰ আটাইতকৈ কমবয়সীয়া নেতা হ’ব শ্বাহে৷
তেওঁৰ উত্থানে নেপালৰ জনসাধাৰণৰ মাজত পৰম্পৰাগত দলসমূহৰ প্ৰতি ব্যাপক হতাশা আৰু দুৰ্নীতিবিৰোধী সংস্কাৰ, অৰ্থনৈতিক সুযোগ, যুৱ সবলীকৰণৰ দাবী প্ৰতিফলিত কৰে৷ শ্বাহৰ বৈদেশিক নীতিৰ ধাৰণা কিছু অস্বচ্ছ হৈয়েই আছে যদিও তেওঁৰ জাতীয়তাবাদী স্থিতি তথা অতীতত গ্ৰহণ কৰা ভূমিকাই তেওঁৰ প্ৰভাৱৰ কথাই প্ৰমাণ কৰিছে৷ ইপিনে ভাৰতৰ নৰেন্দ্ৰ মোদীয়ে নেপালত সফল আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত দেশখনৰ জনসাধাৰণ তথা চৰকাৰক অভিনন্দন জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে নেপালৰ জনসাধাৰণে নিজস্ব গণতান্ত্ৰিক অধিকাৰক পৰম উদ্যমেৰে সাব্যস্ত কৰাটো উৎসাহজনক কথা৷ তেওঁ এই সফল নিৰ্বাচনক নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি আৰু গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে৷
মোদীয়ে আৰু কয় যে এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰত নেপালৰ জনসাধাৰণ আৰু নতুন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি উমৈহতীয়া শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হোৱাৰ অংগীকাৰত অটল হৈ আছে৷ প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে লিখিছে–‘মই নেপালত সফল আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত দেশখনৰ জনসাধাৰণ তথা চৰকাৰক অভিনন্দন জনাইছো৷ মোৰ নেপালী ভাই-ভনীসকলে নিজস্ব গণতান্ত্ৰিক অধিকাৰক পৰম উদ্যমেৰে সাব্যস্ত কৰাটো উৎসাহজনক কথা৷ এই সফল নিৰ্বাচন নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি আৰু গৌৰৱৰ মুহূৰ্ত৷ এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰত নেপালৰ জনসাধাৰণ আৰু নতুন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি উমৈহতীয়া শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হোৱাৰ অংগীকাৰত অটল হৈ আছে৷’

