Nepal PM: নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ সুশীলা কাৰ্কীৰ

সামাজিক মাধ্যম (Nepal PM) নিষিদ্ধকৰণৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰা নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰাৰ পিছতে শুকুৰবাৰে নিশা নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সুশীলা কাৰ্কীয়ে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীক অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।তেওঁৰ নিযুক্তিৰ কথা ঘোষণা কৰে ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ কিৰণ পোখৰেলে।নেপাল চৰকাৰে ফেচবুক, ইউটিউবকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰিছিল।

ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে দেশখনৰ যুৱ প্ৰজন্মই। শেহতীয়া প্ৰতিবাদত মৃত্যু হৈছিল ৩০ জন লোকৰ।নেপালৰ প্ৰধানমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাবে প্ৰপথমে কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহক পছন্দৰ ব্যক্তি হিচাপে গণ্য কৰা হৈছিল যদিও তেওঁ বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টাৰ পিছতো তেওঁ কোনো সঁহাৰি দিয়া নাছিল পিছত সুশীলা কাৰ্কীৰ নাম উচ্চাৰিত হৈছিল। উল্লেখ্য ২০১৬ চনত নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে অধিষ্ঠিত হোৱা সুশীলা কাৰ্কীয়ে ২০১৬ চনৰ জুলাইৰ পৰা ২০১৭ চনৰ জুন মাহলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।১৯৫২ চনৰ ৭ জুনত বিৰাটনগৰত জন্মগ্ৰহণ কৰা কাৰ্কি সাতটা সন্তানৰ ভিতৰত জ্যেষ্ঠ।

নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কাৰ্কীয়ে বিৰাটনগৰত আইন শিক্ষা সম্পূৰ্ণ কৰি ১৯৭৯ চনত আইনী কেৰিয়াৰ আৰম্ভ কৰে, আৰু ২০০৭ চনত জ্যেষ্ঠ অধিবক্তা হয়।২০০৯ চনৰ জানুৱাৰী মাহত নেপালৰ অনুসূচিত জাতিৰ তদৰ্থ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০১০ চনত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল কাৰ্কীয়ে। শুকুৰবাৰে নিশা নেপালৰ ৰাষ্ট্ৰপতি ভৱনে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰে সুশীলা কাৰ্কীক।

Related Articles