Breaking

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ গণিত বিভাগৰ ন-পুৰণি ছাত্ৰ -ছাত্ৰীৰ সতীৰ্থ সন্মিলন

0 104

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়, গণিত বিভাগৰ ন-পুৰণি ছাত্ৰ -ছাত্ৰীৰ সতীৰ্থ সন্মিলন।বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়, গণিত বিভাগে আজি ন-পুৰণি ছাত্ৰ -ছাত্ৰীৰ সতীৰ্থ সন্মিলন খনি কৃষ্ণকান্ত সন্দিকৈ সভা গৃহত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দীপুমণি নাথে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে সন্মিলনৰ আহ্বায়ক ড° ধীৰাজ কুমাৰ দাসে । আৰম্ভণি গীত পৱিত্ৰ কৈৱৰ্ত্ত‌ই পৰিৱেশন কৰাৰ পিছতে মহাবিদ্যালয়ৰ উপাধ্যক্ষা বিজয়া ডেকাই উপস্থিত সমূহ ন-পুৰণি ছাত্ৰ -ছাত্ৰীক স্বাগতম বক্তব্য ৰখাৰ পিছতে চিনাকি পৰ্বৰ লগতে সম্বৰ্ধনা জনায় গণিত বিভাগৰ পৰা ।

মহাবিদ্যালয়খনৰ গণিত বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক ড° আলোক দাস, বৰ্তমানৰ মুৰব্বী অধ্যাপক ড° দিপাংকৰ শৰ্মাৰ লগতে  পুৰণি ছাত্ৰ -ছাত্ৰীৰ পৰা গণিত মুখ্য বিষয়ৰ  প্ৰথম বৰ্ষৰ ১৯৯৫ চনৰ ছাত্ৰৰ পৰা তথা ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰী, চাহজালাল আহমেদ, বসন্ত দাস , ৰবিউল কবীৰ আৰু বহুজনে নিজৰ অনুভৱ ব্যক্ত কৰে আৰু সতীৰ্থ সন্মিলনৰ তৰফৰ পৰা ল’ব পৰা বিভিন্ন বিষয়ত এক আলোচনা হয় । সভাত উপদেষ্টা হিচাপে সুশীল পাটোৱাৰী,বসন্ত দাস , ৰবিউল কবীৰ, নেকিবুৰ জামান, ডলী ঠাকুৰীয়া, ৰাহুল দৈমাৰী, দিব্যজ্যোতি কলিতা, সভাপতি চাহজালাল আহমেদ, উপ-সভাপতি প্ৰাণজিৎ দাস, সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত, সহকাৰী সম্পাদক দীপুমণি নাথ, সদস্য -সদস্যাসকল ত্ৰৈলোক্য বসুমতাৰী, অমিয় দাস, তৃণা মহন্ত , ধৃতিস্মিতা ঠাকুৰীয়া, ৰিপুঞ্জয় চৌধুৰী, নবীন দৈমাৰী, অজয় চ’নীক লৈ এখনি সতীৰ্থ সন্মিলন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে।

Leave A Reply