Breaking

কোভিড প্ৰট’কল পালন কৰি সাজু কৰি তোলা হৈছে নতুন অসমীয়া চিনেমা ‘দেউতা’

0 1,528

ক’ৰোনা কালে অসমৰ সাংস্কৃতিক জগতখনলৈ কাল অমানিশা নমাই আনিলেও তাক অতিক্ৰম কৰি বিশেষকৈ অসমৰ ছবি উদ্যোগটোক পুনৰোজ্জীৱিত কৰি ৰাখিবলৈ আৰু ছবি নির্মাণৰ ধাৰাটো অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ হৈছে গৌৰী ফিল্মছ। ইতিমধ্যে প্ৰযোজনাগোষ্ঠীটোৰ বেনাৰত নির্মিত প্রস্তুতি পৰাশৰ অভিনীত এখন বিগ বাজেটৰ ছবি ‘গংগাৰ পােষ্ট-প্রডাকচনৰ কাম পূর্ণগতিত চলি আছে।

গৌৰী ফিল্মছৰ বেনাৰতে এইবাৰ নিৰ্মাণ হৈ উঠিছে এখন কলাত্মক ধাৰাৰ ছবি ‘দেউতা’। অভিজিত ভট্টাচার্যৰ কাহিনী-চিত্রনাট্য আৰু সংলাপেৰে মনােজ বৈশ্যৰ পৰিচালনাত নির্মিত ছবি ‘দেউতা’ প্রযােজনা কৰিছে গৌৰী ফিল্মছৰ হৈ বাচ্চু ৰয়ে। এদিন হঠাতে সন্ধানহীন হৈ পৰা দেউতাকক বিচাৰি এটি কণমানি শিশুৰ অন্তহীন যাত্ৰাৰ এক স্পর্শকাতৰ বিষয়ক লৈ নিৰ্মাণ কৰা ছবিখনৰ মাজেদি বহু সামাজিক বিষয়বস্তুকো স্পর্শ কৰা হৈছে।

কোভিড বিধিৰ সকলাে বাধা-নিষেধ মানি চলি দৃশ্যগ্রহণ সমাপন কৰা ‘দেউতা’ৰ সম্পাদনাও সম্পূর্ণ হৈ উঠিছে। কণমানি শিশু শিল্পী সৃষ্টি ৰয়ৰ অনবদ্য অভিনয় এই ছবিখনৰ অন্যতম আকর্ষণ হ’ব। সৃষ্টিৰ উপৰি ‘দেউতা’ত সঞ্জীৱ শৰ্মা, অঞ্জনজ্যোতি বেজ, প্রকাশ মেধি, দ্বিবন কুমাৰ বৈশ্য, ৰঞ্জন দাস, মাইনু গগৈ, অর্চনা দাস, কৃষ্ণাশ্রী ডেকা আদি ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে। ‘দেউতা’ত থাকিব লগা দুটি গীতৰ কথা অভিজিত ভট্টাচাৰ্যৰ আৰু সুৰ অহিৰ ভৈৰৱৰ। ছবিখনৰ শীর্ষ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী জুবিন গার্গে। আগষ্টত চেন্সৰ কৰি ছেপ্টেম্বৰতেই ছবিখনি দৰ্শকৰ কাষলৈ লৈ যােৱা হ’ব বুলি বাচ্চু ৰয়ে জনাইছে।

Leave A Reply