লক্ষীবাৰীত গোলাঘাট জিলা সাহিত্য সভাৰ নতুন শাখা গঠন

২৪ অক্টোবৰ গোলাঘাটৰ লক্ষীবাৰীত সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতিত অসম সাহিত্য সভাৰ শাখা গঠনৰ উদ্দেশ্যৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । বিশিষ্ট সমাজকৰ্মী সাহিত্যানুৰাগী সুৰেণ বৰাৰ সভাপতিত্বত লক্ষীবাৰীৰ শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চত অনুষ্ঠিত হোৱা সভাত গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদিকা বন্তি বৰাৰ নেতৃত্বত এটি প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে । জিলা সাহিত্য সভাৰ হৈ উপস্থিত থকা সম্পাদক বন্তি বৰা, সাংগঠনিক সম্পাদক মৃগেন কাকতি, ৰামধেনু উপ সমিতিৰ কাৰ্যকৰী সভাপতি নৰেণ শইকীয়া, যুৱ সংসদ উপ সমতিৰ কাৰ্যকৰী সভাপতি ড° যতীন নাথে সাহিত্য সভা সম্পৰ্কত বক্তব্য ৰাখে । সভাত লক্ষীবাৰী শাখা সাহিত্য সভা নামেৰে এটি নতুন শাখা গঠনৰ প্ৰস্তাৱ লোৱা হয় আৰু সুৰেণ বৰাক সভাপতি, গকুল বৰাক উপ সভাপতি, খগেন বৰাক সম্পাদক, ৰিতুপন দত্ত আৰু পাৰ্থপ্ৰতীম শইকীয়াক সহকাৰী সম্পাদক, ইমদাদুল হুছেইনক ধনভঁৰালী, জয়ন্ত হাজৰিকা আৰু ৰিতুবাস্তৱ হাজৰিকাক পত্রিকা সম্পাদক, পাপু বৰাক কাৰ্যালয় সম্পাদক , দিগন্ত বৰা, শ্ৰীমন্ত ভঁৰালী আৰু বিশ্বজিৎ হাতীবৰুৱাক সাংগঠনিক সম্পাদক, বিজিত শইকীয়াক কুঁহি  উপ সমিতিৰ আহ্বায়ক, ক্ষীৰোদ দত্ত আৰু কুশল শইকীয়াক ৰামধেনু উপ সমিতিৰ আহ্বায়ক, তৰুণ দত্তক আকাশ উপ সমিতিৰ আহ্বায়ক, প্ৰণৱজ্যোতি শইকীয়াক যুৱ সংসদৰ আহ্বায়ক হিচাপে লৈ নতুনকৈ গঠন কৰা লক্ষীবাৰী শাখা সাহিত্য সভাৰ সমিতিখন গঠন কৰা হয় । উল্লেখযোগ্য যে জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই নিস্ক্ৰিয় শাখাসমুহ সক্ৰিয় কৰাৰ লগতে নতুন শাখা গঠনত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ।

Related Articles