Breaking

গেলাহাটিঙা প্ৰাথমিক আটছাৰ নতুন সমিতি গঠন

0 2,246

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ গেলাহাটিঙাত আটছাৰ প্ৰতিনিধি সভাও নতুন সমিতি গঠন কৰে। জিলাখনৰ নদুৱাৰ শাখা আটছাৰ দিকৰাই উপ-শাখা আটছাৰ অন্তৰ্গত গেলাহাটিঙা প্ৰাথমিক আটছাৰ যোৱা কালি বিয়লি এখনি প্ৰতিনিধি সভা আৰু নতুন সমিতি গঠন হৈ যায়। নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আত ধৰে নদুৱাৰ শাখা আটছাৰ কাৰ্যনিৰ্বাহক অৰুন গোৱালাই। সংগঠনটিৰ সাংগঠনিক দিশত নদুৱাৰ শাখা আটছাৰ সম্পাদক গ্ৰীনন্দৰ কুৰ্মীয়ে এক গঠন মূলক বক্তব্য অগবঢ়োৱাৰ অন্তত সভাৰ কাৰ্যসূচী অনুযায়ী প্ৰতিবেদন পাঠ কৰে গেলাহাটিঙা প্ৰাথমিক আটছাৰ সম্পাদক আনন্দ তচাই। গেলাহাটিঙা প্ৰাথমিক আটছাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী মিনাক্ষী মূণ্ডাৰ সহযোগত বিশিষ্ট ব্যক্তি ভোলা হাজৰিকাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা  সভাত কেইবাগৰাকী আটছা কৰ্মীৰ মন্তব্যৰ আধাৰত আগন্তক দিনত আটছাৰ কাৰ্যসূচীসমুহত সক্ৰীয় অংশ গ্ৰহণ আৰু চাহ জনগোষ্ঠীৰ হকে প্ৰাণ আহোতি দিয়া তথা সংগঠনটিত নিষ্ঠা আৰু সৎতাৰে নিজৰ দ্বায়িত্ব আৰু কৰ্তব্যৰে নিজৰ জীৱণকো তুচ্ছ জ্ঞান কৰি মৃত্যুক আকোৱালী লোৱা প্ৰয়াত ব্যক্তি সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হেতুকে কম দিনৰ ভিতৰতে গেলাহাটিঙা প্ৰাথমিক আটছাৰ স্থায়ী কাৰ্যালয়ৰ লগত এটি স্থায়ী শ্বহীদ বেদী নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে চাহ জনগোষ্ঠীৰ এক মাত্ৰ ছাত্ৰ সংগঠন আটছাই কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা আৰু ভাৰপ্ৰাপ্ত সম্পাদক অনন্ত সোনাৰ সবল নেতৃত্বত সম্প্ৰতি জনগোষ্ঠীটোৰ বিভিন্ন ক্ষেত্ৰত সৰব ভুমিকা পালন কৰি অহাৰ সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন জিলা,শাখা,উপ-শাখা আৰু প্ৰাথমিক আটছা সমুহ অধিক সক্ৰীয় কৰাৰ মানষে পুনৰ গঠন চলি থকাৰ মাজতে কালি নদুৱাৰ শাখা আটছাৰ গেলাহাটিঙা প্ৰাথমিক আটছাৰ পুনৰ গঠনে সংগঠনটিক অধিক সবল কৰাত অৰিহনা যোগাব বুলি মন্তব্য কৰে পৰ্যবেক্ষক একালৰ আটছা নেতা তথা শিক্ষক বিজেন তাঁ‌তীয়ে। এক গাম্ভীৰ্যপূৰ্ণ সভাত তিনিগৰাকীকৈ পৰ্যবেক্ষকৰ দ্বাৰা প্ৰস্তাৱ আৰু সমৰ্থন যোগে সভানেত্ৰী নেহা নায়ক,উপ-সভাপতি ক্ৰমে প্ৰীতম বৰাইক,বিশ্বজিৎ মুণ্ডা আৰু ফিৰনাথ বৰাইক, সম্পাদক কন তচা,সহঃসম্পাদক মেঘনাথ বৰাইক,প্ৰকাশ বৰাইক আৰু অনুৰাগ তাঁ‌তীক লৈ মুঠ ৩১ জনীয়া সমিতি গঠন কৰে। সভাৰ শেষৰ পিনে অতিথি সকলৰ মন্তব্যত দিকৰাই উপ-শাখা আটছাৰ সভাপতি তথা সভাৰ অন্যতম পৰ্যবেক্ষক ভগত তাঁ‌তীয়ে নৱগঠিত সমিতিখনক আদৰণি জনোৱাৰ লগতে বিশেষ ভাবে চাহ জনগোষ্ঠীটোক আগুৱাই নিয়াত প্ৰধানত শালিকা শক্তি স্বৰূপ বিশেষ ভাবে শৈক্ষিক দিশত কাম কৰি যাবলৈ আহ্বান জনাই।

Leave A Reply