শ্ৰদ্ধাৰ জীৱনলৈ আহিছে নতুন প্ৰেম! অভিনেতা নহয়…

শ্ৰদ্ধাৰ জীৱনলৈ আহিছে নতুন প্ৰেম! নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত সুস্বাদু খাদ্য আৰু নিজৰ ছবি পোষ্ট কৰা শ্ৰদ্ধা কাপুৰে ব্যক্তিগত জীৱনক লৈ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নতুন সম্পৰ্কক লৈ সংবাদ মাধ্যমত জল্পনা-কল্পনা। বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে নিজৰ মনোমোহা কথোপকথন শৈলীৰে অনুৰাগীক আকৰ্ষণ কৰে। এই কাৰণেই তেওঁ বলীউডৰ ইনষ্টাগ্ৰামত সৰ্বাধিক ফ’ল’ কৰা অভিনেত্ৰী। আশিকি ২ ছবিত আৰোহীৰ চৰিত্ৰত অভিনয় কৰি মানুহৰ হৃদয় জয় কৰা শ্ৰদ্ধাই এতিয়া প্ৰেম জীৱনৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁৰ নাম ফাৰহান খান আৰু আদিত্য ৰায় কাপুৰৰ দৰে তাৰকাৰ সৈতে জড়িত হৈছিল।


অভিনেতা ডেটিং সন্দৰ্ভত চলি থকা আলোচনাৰ মাজতে আজিকালি শ্ৰদ্ধাৰ বিষয়ে কোৱা হৈছে যে তেওঁ বলীউডৰ এগৰাকী লেখকৰ লগত ডেটিং কৰিছে। এই লেখকে তেওঁৰ শেষৰখন ছবি লিখিছিল। হয়, শেষবাৰৰ বাবে ব্লকবাষ্টাৰ ছবি টু ঝুঠি মেইন মক্কাৰত দেখা শ্ৰদ্ধা কাপুৰৰ বিষয়ে এটা উৰাবাতৰি ওলাইছে যে তেওঁ এই ছবিখনৰ লেখকৰ সৈতে ডেটিং কৰিছে। খবৰ অনুসৰি শেহতীয়া বিগত কিছু সময়ত শ্ৰদ্ধা কাপুৰ আৰু ছবিখনৰ লেখক ৰাহুল মোডীক একেলগে দেখা গৈছে। শেহতীয়াকৈ এক থিয়েটাৰৰ বাহিৰত দুয়োকে একেলগে ক্লিক কৰা হৈছিল।

যদিও শ্ৰদ্ধা আৰু ৰাহুলৰ ডেটিং সম্পৰ্কক লৈ উৰাবাতৰি চলিছে, তথাপিও দুয়োৰে কোনোৱেই এই কথা নিশ্চিত কৰা নাই বা এই সম্পৰ্কৰ ইংগিত দিয়া নাই। খবৰ অনুসৰি, শ্ৰদ্ধাই পূৰ্বে ফটোগ্ৰাফাৰ ৰোহন শ্ৰেষ্ঠৰ লগত ডেটিং কৰিছিল। ৪ বছৰ সম্পৰ্কত থকাৰ পিছত তেওোঁলোকৰ সম্পৰ্ক শেষ হয়। ছবিৰ কথা ক’বলৈ গ’লে শ্ৰদ্ধা অহৰহ ব্যস্ত। অতি সোনকালে লণ্ডনৰ চালবাজ, ষ্ট্ৰী ২ আৰু চাণ্ডা মামা দুৰ কেত দেখা যাব। আনহাতে ৰাহুল মোডী টু ঝুঠি মেইন মক্কাৰ, প্যাৰ কা পুঞ্চনামা ২ আৰু সোণু কি টিটু কি ছুইটীৰ দৰে ছবিৰ সৈতে জড়িত হৈ আছে।

Related Articles