Breaking

ৰাজ্যত পুনৰ নতুন ৰাজনৈতিক দল গঠনৰ উকমুকনি

0 130

ৰাজ্যত পুনৰ নতুন ৰাজনৈতিক দল গঠনৰ উকমুকনি। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আহোম জনগোষ্ঠীৰ আটাইকেইটা সংগঠন একত্ৰিত হৈ সমষ্টি পুননিৰ্ধাৰণ, জনজাতিকৰণৰ লগতে কেইবাটাও ৰাজনৈতিক অৰাজনৈতিক বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ্য়।

আলোচনাত সমষ্টিৰ পুননিৰ্ধাৰণৰ জৰিয়তে উজনিত আহোমৰ প্ৰভূত্ব নোহোৱা কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে বুলি মত পোষন কৰে৷

উল্লেখ্য যে অনাগত দিনত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্ত ল’ব পাৰে আহোম জনগোষ্ঠীৰ দল সমূহে।

উজনি অসমৰ আহোমসকলৰ লগতে অন্যান্য জনগোষ্ঠীক লৈ ৰাজনৈতিক দল খোলাৰো সম্ভাৱনা দৃঢ় হৈ পৰিছে।

ডিব্ৰুগড়ৰ হোটেল লিটল পেলেছত চলে এই গুৰুত্বপূৰ্ণ আলোচনা৷

Leave A Reply