ৰাজ্যত পূণৰ এটা নতুন ৰাজনৈতিক দলৰ জন্ম হ’ল, দেওবাৰে হোজাইত সংবাদমেল যোগে আত্মপ্ৰকাশ কৰিলে নতুন ৰাজনৈতিক দলৰ।”লোক ৰক্ষা পাৰ্টী” নামেৰে নতুন ৰাজনৈতিক দলে হোজাই জিলাৰ সকলো সমষ্টিৰ ওপৰিও ৰাজ্যৰ অনান্য সমষ্টি সমূহত প্ৰাৰ্থিত্ব আগবঢ়াব। সংবাদমেলত এই কথা সদৰি কৰে লোক ৰক্ষা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ৰাজ কুমাৰ গুপ্তাই৷ লোক ৰক্ষা পাৰ্টি অসম প্ৰদেশৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজ কুমাৰ গুপ্তাই দেওবাৰে হোজাইৰ মধূমিতা গেষ্ট হাউচত এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেলত ৰাজ কুমাৰ গুপ্তাই কয় – অসম বিধানসভা নিৰ্বাচনত লোক ৰক্ষা পাৰ্টিয়ে হোজাই জিলাৰ তিনিটা সমষ্টিৰ লগতে অসমৰ অনান্য ২২ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত অসমৰ জনতাই ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁটক জিকাই চৰকাৰ গঠনৰ সুবিধা কৰি দিছিল, কিন্তু চৰকাৰখনে অসমৰ জনতাৰ হিতৰ বিপৰীতে গৈ অসমত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি সকলো জাতি, জনগোষ্ঠীৰ মাজত সাতামপুৰুষীয়া ঐক্য শান্তিত বিভাজনৰ সৃষ্টি কৰিছিল বুলি সংবাদ মেলত অভিযোগ কৰে ৰাজ কুমাৰ গুপ্তাই। ৰাজ্যত পূণৰ ভূমিষ্ঠ হোৱা লোক ৰক্ষা পাৰ্টী নামেৰে নতুন ৰাজনৈতিক দ’লটোৱে বিজেপিৰ বিশেষকৈ হিন্দী ভাষিৰ ভোট যে বিভাজন কৰিব সেয়া নুই কৰিব নোৱাৰি। হোজাইৰ পৰা আত্মপ্ৰকাশ কৰা নতুন দলটোক জনসাধাৰনে আকোৱালী ল’বনে নাই সেয়া সময়তেহে গম পোৱা যাব।
ৰাজ্যত পূণৰ ভূমিষ্ঠ হ’ল নতুন ৰাজনৈতিক দল : হোজাইত সংবাদ মেল যোগে আত্মপ্ৰকাশ

