“আপকু” ৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক সম্বৰ্ধনা

মফচলীয় সংবাদ কৰ্মী সকলক লৈ গঠিত হোৱা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ নৱ নিৰ্বাচিত উপ সভাপতি মুকুল বৰা আৰু সাংগাঠনিক সম্পাদক ৰূস্তম গগৈক আজি সাপেখাতী প্ৰেছ ক্লাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।সাপেখাতী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠান টোৰ সভাপতিত্ব কৰে ক্লাৱৰ সভাপতি কেশৱ গগৈয়ে । সাপেখাতী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ কলিতাই উদ্দেশ্যে বাখ্যা আগবঢ়োৱা পাছতেই দুয়োগৰাকী সম্বৰ্ধীত ব্যক্তিক চেলেং চাদৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ।ইয়াৰ পাছতে উক্ত অনুষ্ঠানতে চাঁওতাল ছাত্ৰ সন্থা , টাই আহোম যুৱ পৰিষদ  আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে দুয়োজন সম্বৰ্ধিত ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ।  উল্লেখযোগ্য যে ৰাজ্য খনৰ মফচলীয় সংবাদকৰ্মী সকলক লৈ গঠিত হোৱা আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু )ৰ দ্বাদশ দ্বি বাৰ্ষিক অধিৱেশন খনি যোৱা ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । উক্ত অধিৱেশনতে  দৰং জিলাৰ আব্দুল খালেকক সভাপতি আৰু শিৱসাগৰ জিলাৰ শৰৎ শেনচোৱাক সম্পাদক প্ৰধান ৰূপে লৈ এখন শক্তিশালী নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতি গঠন কৰা হয় ।  আজি সাপেখাতী প্ৰেছ ক্লাৱত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানৰ পৰাই সাপেখাতী প্ৰেছ ক্লাৱে নৱ নিৰ্বাচিত সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

Related Articles