Breaking

চীনত বিয়পি পৰিছে নতুন ভাইৰাছ H9N2, ভাৰতৰ বাবে কিমান বিপদজনক এই ভাইৰাছ…

0 47

H9N2 ভাইৰাছঃ চীনত নতুন ভাইৰাছৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক ভাইৰাছজনিত জ্বৰ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰত সজাগ হ’বলৈ কয়। অৱশ্যে এই ভাবুকি ভাৰতে কিমান গুৰুত্বসহকাৰে ল’ব লাগে তাকে লৈ সৃষ্টি হৈছে প্ৰশ্ন। খবৰ অনুসৰি উত্তৰ চীনত শিশুৰ মাজত নিউমোনিয়া সদৃশ ৰোগ বিয়পি পৰিছে। ইয়াৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধা হৈছে। কিন্তু চীনৰ স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে দাবী কৰে যে সমগ্ৰ চীনত হঠাতে শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি পোৱাৰ আঁৰত কোনো নতুন ভাইৰাছ নাই। দেশত ‘শিশুৰ ক্লাষ্টাৰ অৱ নিউমোনিয়া’ৰ খবৰক লৈ বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰাৰ পিছতে এই বক্তব্য প্ৰকাশ কৰিছে।

চীনত নতুন ভাইৰাছৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহক ভাইৰেল জ্বৰ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ক্ষেত্ৰত সজাগ হৈ থাকিবলৈ কৈছে। অৱশ্যে এই ভাবুকি ভাৰতে কিমান গুৰুত্বসহকাৰে ল’ব লাগে সেয়া প্ৰশ্ন হৈয়েই আছে। মনত ৰখা উচিত যে চাৰি বছৰ আগতে চীনত নতুন ৰোগৰ লক্ষণ দেখা গৈছিল যিটো পিছলৈ বিশ্বত ক’ভিড-১৯ নামেৰে পৰিচিত হ’ল।



বিশেষজ্ঞসকলৰ মতে এয়া কোনো নতুন ভাইৰাছ নহয়। এইচ ৯ এন ২ ভাইৰাছৰ বাবে চীনত ইনফ্লুৱেঞ্জা বিয়পি পৰিছে। বৰ্তমান ই নিয়ন্ত্ৰণত আছে বুলি কোৱা হৈছে যদিও ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সাধাৰণতে শীতকালত ইনফ্লুৱেঞ্জা বিয়পে। চীনতো এই সময়ত শীতকাল। যিহেতু শিশুসকল ইজনে সিজনৰ সংস্পৰ্শলৈ বেছিকৈ আহে, সেয়েহে তেওঁলোকৰ মাজত এই ৰোগ বিয়পি পৰাৰ আশংকা অধিক হয়। মানুহৰ বাবে H9N2 কম বিপজ্জনক বুলি গণ্য কৰা হয়। এই ভাইৰাছ ভাৰতলৈ অহাৰ সম্ভাৱনা থাকিব পাৰে। সমগ্ৰ বিশ্বতে সময়ে সময়ে ইনফ্লুৱেঞ্জাৰ সংক্ৰমণ অব্যাহত আছে। গতিকে ভাৰত সজাগ হৈ থকাটো প্ৰয়োজন কাৰণ এই ধৰণৰ ইনফ্লুৱেঞ্জা খুব পলমকৈ ধৰা পৰে। এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব। সেয়ে ভাৰত চৰকাৰে এই সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে।


Leave A Reply