নতুন বছৰৰ আৰম্ভণিতেই বৈষ্ণোদেবী মন্দিৰত মর্মান্তিক দুর্ঘটনা

নতুন বছৰৰ আৰম্ভণিতেই শোকাৱহ দুৰ্ঘটনা। বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জন লোকৰ মৃত্যু হৈছে। লগতে কমেও তেৰজন লোক গুৰুতৰভাৱে আহত হৈছে। শুকুৰবাৰে নিশা এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল।

জম্মু-কাশ্মীৰৰ আৰক্ষী ডিজিপি দিলবাগ সিঙে সংবাদ সংস্থা এএনআইক জনোৱা অনুসৰি, ‘বৈষ্ণোদেৱী মন্দিৰ চৌহদত পদপৃষ্ট হোৱাৰ ফলত কমেও ১২ জন লোক নিহত হয়। ১৩ জন আহত। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছিল যে ঘটনাটো নিশা প্ৰায় ২.৪৫ বজাত সংঘটিত হৈছিল।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে। সমান্তৰালকৈ মৃতকৰ প্ৰতিটো পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই।

উল্লেখ্য যে শনিবাৰে পুৱতিনিশা জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰত পদপৃষ্ট হোৱাৰ আঁৰৰ কাৰণ হৈছে নৱবৰ্ষ উপলক্ষে ভক্তসকলৰ অস্বাভাৱিক ভিৰ।

Related Articles