Breaking

সোঁৱৰণিৰ পাতত নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা গ্ৰিটিংচ কাৰ্ড

0 113

নতুন বছৰৰ শুভেচ্ছা জনোৱা শুভেচ্ছা কাৰ্ড হৈ পৰিল নষ্টালজিক৷ সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ৰুচি সলনি হৈছে।ভালপোৱা বহু বস্তু সময়ৰ লগে লগে হেৰাই গৈছে। তাৰ এটা প্ৰমাণ ইংৰাজী নৱবৰ্ষৰ এই সময়। এসময়ত নৱবৰ্ষৰ দিনা আপোনজনক শুভেচ্ছা পঠোৱাৰ অন্যতম সাধাৰণ উপায় আছিল গ্ৰিটিং কাৰ্ড।

বৰ্তমান ই-কাৰ্ডৰ যুগ। য’ত স্থান পাইছে ৱাটচআপ, ফেচবুক, টুইটাৰ, ইষ্টাগ্ৰাম, টেলিগ্ৰাম আদিৰ দৰে হাজাৰ মাধ্যমে। মাত্ৰ আঙুলি টিপিয়েই ছেকেণ্ডৰ ভিতৰত পঠাব পাৰে নৱবৰ্ষৰ শুভেচ্ছা।

কিন্তু গ্ৰিটিংচ কাৰ্ড!  ৮০- ৯০ দশকত ইংৰাজী নৱবৰ্ষত প্ৰিয়জনক শুভেচ্ছা প্ৰদান কৰা এই গ্ৰিটিংচ কাৰ্ড এতিয়া ইতিহাস হোৱাৰ দিশত। সময়ত সোঁতত প্ৰায় নোহোৱা হৈছে গ্ৰিটিংচ কাৰ্ডৰ প্ৰচলন।

দোকানলৈ গৈ হাজাৰ হাজাৰ গ্ৰিটিংচ কাৰ্ডৰ মাজৰ পৰা নিজৰ আপোনজনলৈ বাচি আনি তাত নিজ হাতে শুভেচ্ছা বাৰ্তা লিখাৰ মাদকতাই সুকীয়া আছিল।

সেই সময়ত বিপনীসমুহত গ্ৰিটিংচ কাৰ্ড ক্ৰয়ৰ বাবে ভিৰ কৰিছিল গ্ৰাহকে। কিন্তু এতিয়া ই যেন এক সপোন। এতিয়া উকা হৈ পৰিছে বিপনী সমুহ।

নৱবৰ্ষৰ শুভেচ্ছা জনাই বহুজনে দূৰত থকা আপোন জনক ডাকযোগেও প্ৰেৰণ কৰিছিল গ্ৰিটিংচ কাৰ্ড। ইপিনে বহুজনে ৰৈ আছিল নিজৰ আপোনজনে মৰমৰ ভাষাৰে পঠোৱা শুভেচ্ছাবাণীৰ আশাত।

বৰ্তমান নৱ প্ৰজন্মৰ মাজত গ্ৰিটিংচ কাৰ্ডৰ জনপ্ৰিয়তা নাই যদিও ৮০/৯০ দশকৰ সেই দিন বিলাক সুঁৱৰি নষ্টালজিক হৈ পৰে বহুজন।

বৰ্তমান নৱ প্ৰজন্মৰ মাজত গ্ৰিটিংচ কাৰ্ডৰ জনপ্ৰিয়তা নাই যদিও ৮০/৯০ দশকৰ সেই দিন বিলাক সুঁৱৰি নষ্টালজিক হৈ পৰে বহুজন।

Leave A Reply