Breaking

বিশ্বনাথ কৃষি মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

0 2,056

কভিড ১৯ ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছত বিশ্বনাথ কৃষি মহাবিদ্যালয়লৈ অসম তথা ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা শ্নাতক আৰু শ্নাতোকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনোৱাৰ বাৱে ২০ ফেব্ৰুৱাৰী তাৰিখে নৱাগত আদৰণি সভাৰ লগতে সাংস্কৃ তি ক সন্ধিয়াৰ  আয়োজন কৰা হয়।মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত বন্তি প্রজ্বলনেৰে শুভ আৰম্ভণি হোৱা অনুষ্ঠানৰ মুকলি সভাত মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ড° ৰনেন্দ্ৰ নাথ বৰ্মনে তেখেতৰ ভাষণত  ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনোৱাৰ লগতে কৃষি পাঠ্যক্ৰমত কেৰিয়াৰ সম্পৰ্কে অৱগত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সঞ্চালক ড° অজিত বৈশ্যই সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰা মুকলি সভাৰ ভাষণত ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ লগতে কৃষি খণ্ডত ভৱিষ্যত আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ বিষয়ে সদৰী কয়। সভাৰ সন্মানীয় অতিথি বিশ্বনাথ জিলাৰ উপায়ুক্ত শ্ৰী যুত প্ৰণৱ কুমাৰ শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক কোভিড নিয়মাৱলীৰ মাজেৰে কৰ্তব্য আগুৱাই নিবলৈ পৰামৰ্শ আগবঢ়াই। মুল সভাত অধ্যাপক ড° ৰত্নকিংকৰ গোস্বামীয়ে নিজৰ ভাষণত নবাগত ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনায়।সহকাৰী অধ্যাপক সীমনা তামুলীয়ে আঁ‌ত ধৰা মুল সভাত  সহকাৰী অধ্যাপক ড° ৰাণীমা মিশ্ৰই শলাগৰ শৰাই আগবঢ়ায়। সন্ধিয়া  আকৰ্ষণীয় সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে।

Leave A Reply