নলবাৰীৰ নৱনিযুক্ত আয়ুক্ত আই.এ.এছ বিষয়া বৰ্ণালী ডেকাৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বৰ্ণালী ডেকাই বুধবাৰে নলবাৰী জিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাবে তথা একেলেঠাৰীয়ে নলবাৰী জিলা প্ৰশাসনৰ তৃতীয় গৰাকী মহিলা মুৰব্বী হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে।

পূৰ্বৰ জিলা আয়ুক্ত এ.চি. এছ. বিষয়া গীতিমনি ফুকনে যোৱা ২৮ জুলাই তাৰিখে জিলা আয়ুক্ত হিচাবে কার্যভাৰ সামৰাৰ পাছত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত হিচাবে দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত বেদাংগ তালুকদাৰৰ পৰা আই.এ.এছ. বৰ্ণালী ডেকাই কাৰ্যভাৰ গ্ৰহণ কৰে ৷

নলবাৰী জিলাৰ আয়ুক্ত হিচাবে দায়িত্ব গ্ৰহণৰ পাছতেই নৱনিযুক্ত আয়ুক্ত বৰ্ণালী ডেকাই কাৰ্যালয়ৰ সভাকক্ষত সমূহ প্ৰশাসনিক বিষয়া তথা উক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ উপস্থিতিত প্ৰাৰম্ভিক পৰিচয়মুলক এখন সভা সম্বোধন কৰি সকলোৰে সৈতে চিনা-পৰিচয় হোৱাৰ লগতে নতুন কাৰ্যভাৰ গ্ৰহণ সম্বন্ধিত তেখেতৰ মনৰ ভাৱ বিনিময় কৰে৷

তেখেতে এই সভাখনতেই সকলো বিষয়া কৰ্মচাৰীক নিজৰ কৰ্তব্যৰ প্ৰতি দায়িত্বশীল, অধ্যাৱসায়ী হোৱাৰ লগতে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় আৰু এটা দল হিচাবে মিলাপ্ৰীতিৰে সক্ৰিয়ভাৱে কাম কৰি নলবাৰী জিলা প্রশাসনক আৰু অধিক ৰাইজৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত সকলোৰে পৰা পূৰ্ণ সহযোগিতা কামনা কৰে ৷

Related Articles