ওদালগুৰি জিলাৰ অন্তৰ্গত কাজিয়ামাটি হাইস্কুলখনি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নতিকৰণ হোৱাত নৱনিৰ্মিত ভৱনটি ১৬ অক্টোবৰত দিনৰ ১১.৩০ বজাত উদ্বোধন কৰে মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োই। উচ্চতৰ মাধ্যমিক বিদ্যালয় লৈ উন্নীতকৰণৰ নৱ নিৰ্মিত বিদ্যালয় ভৱনটি উদ্বোধন কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে উদ্বোধন কৰে।

দিনৰ ১২ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক ৰবিৰাম ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাজিয়ামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গহীন চন্দ্ৰ বড়োই। উক্ত উদ্বোধনী সভাত মুখ্য অতিথি বিধায়ক চৰণ বড়ো, সন্মানীয় অতিথি হিচাপে বিধায়ক তথা উপমুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী,বিটিচিৰ ধনশ্ৰীৰ এমচিএল এল ফ্ৰেচ মোছাহাৰী, ওদালগুৰি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই অঞ্চলটোত এক উচ্চ শিক্ষাৰ পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাইজে সহযোগিতা কৰিব লাগিব বুলি উল্লেখ কৰে। উক্ত সভাত ডি আই অশ্বিনী বড়ো ওদালগুৰি কলেজৰ অধ্যক্ষ ড* লুক দৈমাৰী, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ বাচটোলা, ধনশ্ৰী ব্লকৰ টিচিএলচিচিৰ চেয়াৰমেন ৰুজুগ্ৰা মোছাহাৰী , অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গনেশ চন্দ্ৰ মোছাহাৰীকে ধৰি অঞ্চলটোৰ বিশিষ্ট নাগৰিক,অভিভাৱক সকল উপস্থিত আছিল।


