বিহালী উন্নয়ন খণ্ডৰ নবনিৰ্মিত কাৰ্য্যালয় ভৱন শুভ উদ্ধোধন বিধায়ক ৰঞ্জিত দত্তৰ

বিহালী আঞ্চলিক পঞ্চায়ত উন্নয়ন পুঁজি আঁচনিৰ অধীনত নিৰ্মাণ হোৱা বিহালী খণ্ড উন্নয়নৰ  নৱনিৰ্মিত  ভৱনটি বুধবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই শুভ উদ্বোধন কৰে।উদ্বোধন সময়ত  উপস্থিত থাকে   খণ্ড উন্নয়ন বিষয়া দেৱাশীষ গোস্বামী,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গীতা দাস  বিহালী খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ভূপেন বৰুৱা, অভিযন্তা কুশল বৰা লগতে  বিষয়া কৰ্মচাৰী,আঞ্চলিক পঞ্চায়তৰ সদস্য,সদস্যাসকল প্ৰমুখ্যে বশিষ্ট ব্যক্তি সকল । ইফালে বিধায়ক গৰাকীয়ে উদ্বোধন কৰি ক খণ্ড উন্নয়ন কাৰ্যালয়টোৰ নিৰ্মাণে উন্নয়নমূলক কাম কাজত অধিক গতিশীলতা আনিব লগতে ৰাইজো যথেষ্ঠ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।লগতে বিধায়ক গৰাকীয়ে উন্নয়ন খণ্ডৰ চৌহদত লখিমী আত্ম সহায়ক গোট,শুকানসূঁতি ৰ দ্বাৰা আৰম্ভ কৰা “খাদ্য বিপনী” খনৰো শুভ উদ্বোধন কৰে। 

Related Articles