Asom Sahitya Sabha । মঙলদৈত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ অঙ্গীকাৰ, সকলো বিবাদ-বিতৰ্কৰ অন্ত পেলাই সভাক অধিক শক্তিশালী কৰিব লাগিব

২০ জানুৱাৰী, ২০২৫ : Asom Sahitya Sabha । অসম সাহিত্য সভাক লৈ চলি সকলো বাদ-বিবাদ, বিতৰ্কৰ অন্ত পেলাই আমি সভাক অধিক শক্তিশালী কৰি তুলিব লাগিব ৷ সভাৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবেই আমি সকলো সহনশীল হ’ব লাগিব আৰু এৰা ধৰা কৰিব পাৰিব লাগিব —এই মন্তব্য অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ । কালি সন্ধিয়া মঙলদৈস্থিত দৰং জিলা সাহিত্য সভা প্ৰকল্পত আকস্মিকভাৱে উপস্থিত হৈ সাংবাদিকৰ আগত এইদৰে কয় অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক বৰাই।

দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই আঁত ধৰা আৰু দৰং জিলা সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ ডঃ চহিৰ ভূঞা, মঙলদৈ আঞ্চলিক কাৰ্য্যালয়ৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, প্ৰাক্তন সাংগঠনিক সম্পাদক ৰাণা আলম, দৰং জিলা সাহিত্য সভাৰ সাংস্কৃতিক আহ্বায়ক ডা: মৃণ্ময় কুমাৰ নাথ,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট চন্দ্ৰ হাজৰিকা, নয়নমণি চৌধুৰী,প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা,অসম বাৰ্তাজীৱি সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা, আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ প্ৰমুখ্যে ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থকা এক চমু অনুষ্ঠানত কেতবোৰ গঠনমূলক কাম কাজৰ ওপৰত আলোচনা কৰা হয়। নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে জিলা সাহিত্য সভাৰ কাৰ্যালয়ত পদাৰ্পন কৰা নৱনিৰ্বাচিত প্ৰধান সম্পাদক গৰাকীক জিলা সভাৰ তৰফৰ পৰা জাতীয় ফুলাম গামোচা,শৰাই, গ্ৰন্থৰ টোপোলা আৰু স্মাৰকেৰে উষ্ম আদৰণি জনায়। অনুষ্ঠানত উপস্থিত থকা দৰঙৰ অন্যতম সক্ৰিয় শতদল শাখা সাহিত্য নগৰ সাহিত্য সভাৰ সভাপতি তমজিদ আলি, উপ-সভাপতি মিছবাহুল হুদা, সম্পাদক গোলাপ আলি আৰু মঙলা নগৰ শতদল সাহিত্য সভাৰ সম্পাদকে জিতেন কলিতাই নিজ নিজ শাখা সভাৰ তৰফৰ পৰা তেওঁক ফুলাম গামোচাৰে আদৰণি জনায়।

Related Articles