কণী স্বাস্থ্যৰ বহু উপকাৰ আছে। বিশেষজ্ঞসকলে কণীক প্ৰটিনৰ শক্তি কেন্দ্ৰ বুলি অভিহিত কৰে। কণী ব্ৰেকফাষ্টত বা দিনটোৰ আন যিকনো সময়তে খোৱা হয়। কণী শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে প্ৰিয় খাদ্য।
কণী প্ৰটিনৰ এটা ভাল আৰু কম খৰচী উৎস। দিনটোত মাত্ৰ দুটা কণী খালে ৰক্তকণিকাৰ সংখ্যা বৃদ্ধি পায় আৰু ওজন কমে। সাধাৰণতে কণীত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে। গতিকে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো বাঞ্ছনীয়।
বহুতে ব্ৰেকফাষ্ট, লাঞ্চ আৰু ৱৰ্কআউট কৰাৰ পিছত কণী খাই ভাল পায়।
কিন্তু কাৰণ যিয়েই নহওক কিয়, কণীৰ পুষ্টিকৰ মূল্য বহুত থাকিলেও ইমানবোৰ কণী খোৱাটো একেবাৰেই স্বাস্থ্যকৰ নহয় বুলি গৱেষকসকলে কয়।
কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে
কণীত প্ৰচুৰ পৰিমাণে কলেষ্টেৰল থাকে।
এটা ডাঙৰ কণীত ১৮৬ মিলিগ্ৰাম কলেষ্টেৰল থাকে। যিয়ে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। ফলত হৃদৰোগৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে যিসকলৰ এনে সমস্যা আছে তেওঁলোকে অতিৰিক্ত কণী খাব নালাগে। আৰু কণী খালেও ইয়াৰ কুহুম পৰিহাৰ কৰিব লাগে।
ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
কণীত বায়’টিন থাকে। যিটো ইনচুলিন উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ। পৰিমিত পৰিমাণে কণী খোৱাটোৱে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু বেছিকৈ খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এটা অধ্যয়নত দেখা গৈছে যে সপ্তাহত সাতটা বা তাতকৈ অধিক কণী খোৱা পুৰুষৰ ডায়েবেটিছ ৰোগৰ সম্ভাৱনা ৫৮ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ৭৭ শতাংশ বেছি।
পাচনতন্ত্ৰৰ সমস্যা
যদিও কণী প্ৰটিন সমৃদ্ধ খাদ্য, অতিমাত্ৰা খালে পাচনতন্ত্ৰৰ সমস্যা, যেনে পেটৰ বিষ, গেছ আৰু বদহজমৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ যিসকলৰ কণীৰ প্ৰতি অসহিষ্ণু বা এলাৰ্জীৰ সমস্যা আছে তেওঁলোকৰ বাবে এই সমস্যা যথেষ্ট গুৰুতৰ হ’ব পাৰে। ইয়াৰ বাহিৰেও কণীৰ লগত অতিৰিক্ত চৰ্বিযুক্ত খাদ্য খালে কোষ্ঠকাঠিন্য হোৱাৰ আশংকা থাকে। গতিকে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অতিৰিক্ত কণী নাখাই ভাল।

