কল পৃথিৱীৰ অন্যতম জনপ্ৰিয় ফল। ইয়াৰ উপলব্ধতা, পুষ্টিকৰ মূল্য আৰু সুস্বাদুতাৰ বাবে কলে আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান লাভ কৰিছে। ভিটামিন, খনিজ আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ কলে আমাৰ শৰীৰৰ বিভিন্ন কামত সহায় কৰে।কিন্তু আমি প্ৰায়ে শীতকালত কল খোৱাৰ ক্ষেত্ৰত দ্বিধাদ্বন্দ্বত ভুগিবলগীয়া হয়। বিশেষজ্ঞসকলে কয় যে কলত পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি ৬ৰ উত্তম উৎস। ই শৰীৰৰ বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰখাত সহায় কৰে। শীতকালত যেতিয়া শৰীৰৰ শক্তিৰ প্ৰয়োজনীয়তা বৃদ্ধি পায় তেতিয়া কল শক্তিৰ এক উত্তম উৎস হিচাপে প্ৰমাণিত হ’ব পাৰে । লগতে ইয়াত থকা আঁহে পাচন প্ৰক্ৰিয়া শক্তিশালী কৰে, যিটো সাধাৰণতে শীতকালত লেহেমীয়া হ’ব পাৰে। কল খোৱাৰ আগতে এটা কথা মনত ৰাখিব যে ই চৰ্দি আৰু কাহৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চৰ্দিত এলাৰ্জী হ’লে কল খোৱাৰ পৰা বিৰত থাকিব লাগে। অৱশ্যে শাৰীৰিকভাৱে সক্ৰিয় হৈ থকা আৰু ঠাণ্ডাতো ব্যায়াম কৰা সকলৰ বাবে কল উপকাৰী হ’ব পাৰে। কাৰণ ই তৎক্ষণাত শক্তি প্ৰদান কৰে। যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে কল উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণত কল সেৱন কৰিব লাগে। কাৰণ ইয়াত অধিক পৰিমাণৰ চেনি থাকে । শীতকালত কল খাব নে নাখাব সেইটো নিৰ্ণয় কৰাটো ব্যক্তিজনৰ শাৰীৰিক অৱস্থা আৰু প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে। উপযুক্ত পৰিমাণত আৰু সঠিক সময়ত সেৱন কৰিলে শীতকালতো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

