Breaking

মানৱ জীৱনৰ প্ৰতি ভাবুকি! নিৰ্বাচনী ধামখুমীয়াত গুৰুত্ব নোপোৱা বাতৰি…

0 25

দেশত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত কেতবোৰ বিষয়ে সংবাদ মাধ্যমত ঠাই নোপোৱাৰ দৰে হৈছে গৈ৷দিনটোত দেশখনত নেতাসকলৰ উক্তি আৰু ভাষণ প্ৰচাৰত সংবাদ মাধ্যমে যিমান গুৰুত্ব দি আহিছে সেই কথা প্ৰতিগৰাকী লোকে প্ৰত্যক্ষ কৰি আহিছে৷ মুঠৰ ওপৰত ৰাজনৈতিক নেতাৰ গৰম গৰম ভাষণ প্ৰচাৰ কৰা আৰু কোনো কোনোৰ গছিপ কৰা কথাবোৰ সংবাদ মাধ্যমত বৰ বৰ হৰফেৰে প্ৰকাশ পাই আহিছে৷ নিৰ্বাচনী প্ৰক্ৰিয়াটো শেষ নোহোৱা পৰ্যন্ত এনেবোৰ বিষয় সংবাদ মাধ্যমত প্ৰকাশ হৈ থাকিব৷ এয়া এক স্বাভাৱিক কথা৷ এনে বাতৰি প্ৰকাশ কৰি সংবাদ মাধ্যমে নিজৰ স্থিতি বা অস্তিত্ব বৰ্তাই ৰখাৰ বাদে আন কিবা কৰিছে বুলি ভাবিব পৰা নাযায়৷


এইখন পৃথিৱীত আমি সকলোৱে এটা কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজন যে সংবাদসেৱীসকলে যিটো কাম কৰি আহিছে সেয়া জনসাধাৰণৰ বাবে কৰা হৈছেনে? দেশত ৰাজনৈতিক গৰম বতাহ বলি আছে বাবেই কেৱল সেই সংবাদেই আগত ঠাই পাই থাকিব লাগিনে? সংবাদ পত্ৰৰ কোনো এটা চুকত মানুহৰ হিতৰ বাবে বাতৰি ওলাবলৈ ঠাই নাপাব নেকি? সমাজৰ প্ৰতি দায়বদ্ধতা থকা প্ৰতিগৰাকী সাংবাদিকে এইবোৰ কথাত সময় দিব নোৱাৰে কিয়?


সমাজৰ বাবেই হওক বা জনসাধাৰণৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰাৰ বাবেই হওক সাংবাদিকসকলে সাম্প্ৰদায়িক কালত কেতবোৰ বিষয় জানিও নজনাৰ দৰে হৈছে৷ যি দেখা গৈছে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি আজিৰ দিনটোত ৰাজনীতিয়ে সৰ্বস্ব হৈ পৰিছে৷ ৰাজনীতিক বাদ দি আন কেতবোৰ বিষয়ে কিয় গুৰুত্বপূৰ্ণ স্থান পোৱা নাই সেই কথা বিবেচনাৰ বাহিৰত৷ মনকৰিবলগীয়া বিষয় যে আমাৰ মাজত থকা চিন্তাবিদ বা সাহিত্যিকসকলেও জনসচেতনতাৰ বাবে একলম লিখিবলৈ সময়ৰ অভাৱ পৰিলক্ষিত হয়৷ আমাৰ সংবাদ পত্ৰবোৰত সচেতন বুলি খ্যাত লোকসকলে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কেতবোৰ বিষয় উপেক্ষা কৰা পৰিলক্ষিত হয়৷


সাম্প্ৰতিক সময়ত এক বিষয়ে দেশৰ ক্ষুদ্ৰ অংশৰ মাজত প্ৰতিক্ৰিয়া কৰা পৰিলক্ষিত হৈছে৷ আমাৰ অসম মুকুলত অৱশ্যে এই বিষয়টোৱে এতিয়াও গুৰুত্ব পোৱা দেখা পোৱা নাই৷ ইয়াৰ বিপৰীতে পৃথিৱী নামৰ গ্ৰহটোৰ কেইখনমান দেশত এই বিষয়টোৱে সৰ্বাধিক চৰ্চা লাভ কৰিছে৷ আমি সকলোৱে জানস যে ভাৰতৰ বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা সামগ্ৰী কেৱল দেশৰ বজাৰতে নহয় বিদেশৰ বজাৰো দখল কৰি আহিছে৷ দেশীয় কোম্পানীয়ে বিদেশৰ বজাৰ দখল কৰা এক সামগ্ৰী হ’ল মছলা৷ ভাৰতৰ কেইবাটাও কোম্পানীয়ে বিভিন্ন প্ৰকাৰৰ মছলা উৎপাদন কৰে৷ এই মছলাবোৰ বিভিন্ন প্ৰকৰণৰ খাদ্য প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা হয়৷ দেশৰ বজাৰত দুটকাৰ পৰা আৰম্ভ কৰি বিভিন্ন দামত এনেবোৰ মছলা উভৈনদী৷ আনহাতে বিদেশৰ বজাৰটো এইবোৰ মছলাই স্থান দখল কৰি আহিছে৷ শেহতীয়াকৈ ভাৰতৰ মছলা প্ৰস্তুতকৰ্তা দুটা কোম্পানীৰ সামগ্ৰী বিদেশৰ বজাৰত নিষিদ্ধ কৰিছে৷ ভাৰতীয় কোম্পানীয়ে প্ৰস্তুত কৰা মছলা আমেৰিকাৰ উপৰি হংকং, ছিংগাপুৰৰ দৰে দেশেই নহয় মালদ্বীপেও নিষিদ্ধ কৰিছে৷ এতিয়া কথা হ’ল কিয় ভাৰতীয় কোম্পানীয়ে প্ৰস্তুত কৰা মছলা বিদেশৰ বজাৰত নিষিদ্ধ কৰা হৈছে৷ প্ৰাপ্ত সংবাদ মতে দেশৰ দুটা কোম্পানীয়ে প্ৰস্তুত কৰা মছলাত পেষ্টিছাইড অৰ্থাৎ ৰাসায়নিক দ্ৰব্য আছে বুলি সংশ্লিষ্ট দেশবোৰে অভিযোগ কৰিছে৷ আনহাতে এই মছলাত ‘ইথিলিন অক্সাইড’ পোৱা গৈছে বুলি অভিযোগ উত্থাপন হৈছে


উল্লেখনীয় যে আমেৰিকাই মছলা প্ৰস্তুত কৰা ভাৰতীয় কোম্পানী এটাৰ সামগ্ৰীৰ ৩১ শতাংশ নিষিদ্ধ কৰিছে৷ কিছু বছৰৰ আগতে আমেৰিকাই সেই কোম্পানীটোৰ ১৫ শতাংশ সামগ্ৰী প্ৰত্যাখ্যান কৰিছিল৷ চলিত মাহত ১৬ শতাংশ নিষিদ্ধ কৰাত আমেৰিকাই মুঠ ৩১ শতাংশ সামগ্ৰী নিষিদ্ধ কৰে৷ আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন (এফডিএইচ)ৰ তৰফৰ পৰা ভাৰতৰ দুটা কোম্পানীৰ সামগ্ৰীৰ তথ্য সংগ্ৰহ কৰিছে৷ উল্লেখযোগ্য যে ছিংগাপুৰ আৰু হংকঙে প্ৰথমে এই পদক্ষেপ গ্ৰহণ কৰিছিল৷ এই দেশ দুখনৰ পাছতেহে বিজ্ঞানৰ শিখৰত থকা আমেৰিকাই পদক্ষেপ গ্ৰহণ কৰে৷ অৱশ্যে মালদ্বীপে হংকং, ছিংগাপুৰ বা আমেৰিকাক দেখি পদক্ষেপ গ্ৰহণ কৰিছে নে পৰীক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰি নিষিদ্ধ কৰিছে সেই কথা পোহৰলৈ অহা নাই৷ ইতিমধ্যে হংকং আৰু ছিংগাপুৰে কোম্পানী দুটাৰ সামগ্ৰীৰ বাধ্যতামূলক পৰীক্ষা আৰম্ভ কৰিছে৷ দেশ দুখনে ৰপ্তানিকৰ্তাৰ অৰ্দাৰ ঘুৰাই দিছে৷ ইয়াৰ বিপৰীতে ভাৰতীয় মছলা প্ৰস্তুতকৰ্তা কোম্পানী এই বিষয়ত অৱগত৷ এটা কোম্পানীয়ে অধিক তথ্য সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে৷ এই কথা সদৰি হোৱাৰ পাছত মছলা প্ৰস্তুত কৰা দুটা কোম্পানীৰ কাৰখানা কেন্দ্ৰীয় চৰকাৰে পৰিদৰ্শন কৰিছে৷ ভাৰতৰ নিয়ন্ত্ৰক সংস্থা মছলা ব’ৰ্ডৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে৷


ভাৰতীয় মছলা প্ৰস্তুত কৰা কোম্পানীয়ে বজাৰত যিবোৰ সামগ্ৰী উলিয়াই দিছে সেইবোৰ প্ৰথমাৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগে পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ নিয়ম আছেনে সাম্প্ৰতিক পৰিস্থিতিৰ পৰা প্ৰশ্ন অৱতাৰণা কৰাৰ সময় আহি পৰিছে৷ মাৰাত্মক কৰ্কট ৰোগৰ দৰে ৰোগৰ বাহক হৈ পৰা বজাৰৰ মছলাই মানৱ জীৱনটো কিমান বিপদজনক কৰি তুলিছে সেই কথা কল্পনাতীত৷ মানৱ স্বাস্থ্যৰ লগতে এই মছলাই জীৱকুলত প্ৰভাৱ নেপেলাব তাৰ কোনো নিশ্চয়তা নাই৷ যিহেতু হোটেল, ৰেষ্টুৰেণ্টত সৰ্বাধিক ব্যৱহৃত এই মছলাবোৰ লৈ প্ৰস্তুত কৰা খাদ্য বহু সময়ত জীৱকুলেও ভক্ষণ কৰা পৰিলক্ষিত হয়৷ আমাৰ দেশৰ মানুহৰ সচেতনতাৰ অভাৱৰ বাবে বিপদবোৰ কঢ়িয়াই অনা হৈছে৷ দেশত এই বৃহৎ বজাৰখনত বহু কোম্পানীয়ে সামগ্ৰী প্ৰস্তুত কৰি উলিয়াই আছে৷ ইয়াৰ মাজতে মানৱ জীৱনৰ প্ৰতি বিপদজনক সামগ্ৰীবোৰ চিনাক্ত কৰাটো অতি জৰুৰী হৈ পৰিছে৷

লেখকঃ উৎপল ভূঞা

Leave A Reply