অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এনী বডি কেন ড্ৰিম (এ বি চি ডি)Trees for Birds (চৰাইৰ বাবে বৃক্ষ) শীৰ্ষক এলানি বৃক্ষৰোপন কাৰ্য্যসূচী

অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এনী বডি কেন ড্ৰিম (এ বি চি ডি) য়ে trees for bird চৰাইৰ বাবে বৃক্ষ শীৰ্ষক এলানি বৃক্ষৰোপনৰ কাৰ্য্যসূচী ৰূপায়ন কৰে। চৰাইৰ বাবে আহাৰ সৃষ্টিৰ লক্ষ্যৰে জাম, আম, মধুৰিআম, লিচু,বকুল, শিলিখা আদি গছৰ পুলি ৰোপন কৰে।
স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি দিগন্ত মিশ্ৰ, উপ সভাপতি ৰমেন তালুকদাৰ, ভ্ৰমৰ মজুমদাৰ আৰু সা সম্পাদক দিলীপ তালুকদাৰৰ নেতৃত্বত তথা দুধনাথ বিগ্ৰহ খাৰজাৰা আশ্ৰম পৰিচালনা সমিতি, খাৰজাৰা দূৰ্গা পূজা পৰিচালনা সমিতি, হৰিমন্দিৰ পৰিচালনা সমিতি; ঘগ্ৰাপাৰ, গোপালধাম সনাতন আশ্ৰম পৰিচালনা সমিতি ;আকনা, শ্ৰী মন্ত শংকৰদেৱ সংঘ জিলা শাখা নাম ঘৰ পৰিচালনা সমিতি, চক বজাৰ, গুৰুকুল সাংস্কৃতিক বিদ্যালয়; চক বজাৰ, ইউৰ’ কিডচ; নলবাৰী , ৰংগতীৰ্থ, কাজিপাৰা আদিৰ সহযোগত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত গছ পুলি ৰোপন কৰে।
স্বেচ্ছাসেৱী সংগঠনটোৰ বেলশৰ শাখা, দিহজাৰী শাখা, চেংনৈ শাখা, পকোৱা শাখা, মিৰ্জা-বিজয়নগৰ শাখা, গুৱাহাটী শাখা, যোৰহাট শাখা, কৃষ্ণাই শাখা গোৰেশ্বৰ শাখা আৰু ঘগ্ৰাপাৰ শাখা আদিৰ উদ্যোগতো বৃক্ষৰোপন কৰা হয়।

Related Articles