বিশ্বনাথৰ বালিচাং আদৰ্শ চিকিৎসালয়ত এন.এইচ.এম. কৰ্মীৰ কৰ্মবিৰতি । NHM

৪ মাৰ্চ, ২০২৫ঃ NHM । অসমৰ বিভিন্ন প্ৰান্তৰ দৰে বিশ্বনাথৰ বালিচাং আদৰ্শ চিকিৎসালয়তো সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন.এইচ.এম.) অসমৰ কৰ্মীসকলে নিজৰ দাবীসমূহ লৈ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। এন.এইচ.এম. কৰ্মীসকলে চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহৰ ভিতৰত উল্লেখ কৰে:

  1. এন.এইচ.এম. কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা।
  2. সম কামৰ সম দৰমহাৰ মৰ্যাদা প্ৰদান কৰা।
  3. ঠিকা ভিক্তিত কৰ্মচাৰী সকলৰ বাবে পেঞ্চন ব্যৱস্থা কাৰ্যকৰী কৰা।
  4. সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা প্ৰদান কৰা।

এন.এইচ.এম. কৰ্মীসকলে দাবী পূৰণ নোহোৱালৈকে অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিয়ে। প্ৰতিবাদকাৰীসকলে চৰকাৰক তীব্ৰ ভাষাৰে আহ্বান জনাই দ্রুত এই দাবীসমূহ পূৰণ কৰিবলৈ। এন.এইচ.এম. কৰ্মীবৃন্দৰ মতে, যদি চৰকাৰ এই বিষয়ে গুৰুত্ব সহকাৰে বিবেচনা নকৰে, তেন্তে সৰ্বাত্মক আন্দোলনৰ পথ বাছি ল’ব লাগিব।

Related Articles