নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত শনিবাৰে গোগামুখত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
সোৱণশিৰি পৰীয়া ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰা সোৱণশিৰিৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ দাবীত গোগামুখ নগৰৰ মাজমজিয়াত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা বিক্ষোভ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।
আৰক্ষীয়ে প্ৰতিবাদী কাৰ্যসূচীত বাধা দিয়াত আছু আৰু আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰু হতা-হতি সৃষ্টি হোৱাত পৰিবেশ উত্তাল হৈ পৰে ।

এন এইচ পি চি গʼবেক, নৰেন্দ্ৰ মোদী গʼবেক, মুখ্য মন্ত্ৰী হায়, হায়, ৰণোজ পেগু হুচিয়াৰ, সোৱণশিৰি পৰীয়া ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্লʼগানেৰে গোগামুখৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ।
এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ ৰাজীৱ গগৈ ,ৰবি কছাৰী, দীপক শৰ্মা, জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইৰ লগতে দুই শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।

