Breaking

ISISৰ যড়যন্ত্ৰৰ গোচৰৰ ভিত্তিত কৰ্ণাটক, মহাৰাষ্ট্ৰৰ ৪০টা স্থানত NIAৰ অভিযান; গ্ৰেপ্তাৰ বহুজনক…

0 42

ISIS ৰ ভাৰত আক্ৰমণৰ ষড়যন্ত্ৰ, NIA ৰ অভিযান কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ ৪০টাতকৈও অধিক স্থানত। ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া (আইছিছ) বিশ্বৰ অন্যতম ভয়ংকৰ সন্ত্ৰাসবাদী সংগঠন। এই সন্ত্ৰাসবাদী সংগঠনটোৰ একাংশ সন্ত্ৰাসবাদী এতিয়াও সক্ৰিয় হৈ আছে। শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ প্ৰায় ৪০টাতকৈও অধিক স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অভিযান চলাইছে। আইছিছক বিশ্বৰ অন্যতম ভয়ংকৰ সন্ত্ৰাসবাদী সংগঠন হিচাপে গণ্য কৰা হয়।

শনিবাৰে পুৱাৰে পৰা ৪০টাতকৈও অধিক স্থানত NIAৰ অভিযান চলি আছে। তাৰ ভিতৰত কৰ্ণাটকৰ এটা স্থানত অভিযান চলোৱা হৈছে। একে সময়তে এন আই এৰ বিষয়াসকলে পুনেৰ ২টা, থানে গ্ৰাম্যৰ ৩১টা, থানে চহৰৰ ৯টা আৰু ভয়ান্দৰৰ এটা স্থানত অভিযান চলাইছে। সন্ত্ৰাসবাদী সংগঠনটোৱে ভাৰতত সন্ত্ৰাস আৰু হিংসা বিয়পোৱাৰ পৰিকল্পনাক বিফল কৰাৰ বাবে এন আই এয়ে এক ব্যাপক তদন্ত চলাইছে। ইয়াৰ পূৰ্বেও এনে অভিযান চলোৱা হৈছে, য’ত বহু সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Leave A Reply