Breaking

নাইজেৰিয়া, ফিলিপাইনছ, আৰ্জেণ্টিনাই ক্ৰয় কৰিব ভাৰতে দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা তেজছ যুদ্ধ বিমান…

0 71

নাইজেৰিয়া, ফিলিপাইনছ, আৰ্জেণ্টিনাই ক্ৰয় কৰিব ভাৰতে দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা তেজছ যুদ্ধ বিমান

ভাৰতে সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা তেজছ যুদ্ধ বিমান ক্ৰয় কৰিবলৈ এতিয়া বিশ্বৰ কেইবাখনো দেশে আগ্ৰহ প্ৰকাশ কৰিছে।
প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে (ডিএচি) বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাৰ বাবে ৯৭ খন তেজছ যুঁজাৰু বিমান আৰু ১৫৬ খন বিশেষ হেলিকপ্টাৰ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। ৰাজহুৱা খণ্ডৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড (এইচএএল)ৰ ওপৰত এই বিমানসমূহ যোগান ধৰাৰ দায়িত্ব আহি পৰিব বুলি এজন জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰিছে।
ইপিনে নাইজেৰিয়া, ফিলিপাইনছ, আৰ্জেণ্টিনা আৰু ইজিপ্তয়ো ভাৰতে স্বদেশী ভাৱে বিকশিত তেজছ লাইট কমবেট বিমান ক্ৰয় কৰিবলৈ আগ্ৰহ দেখুৱাইছে। হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক চিবি অনন্তকৃষ্ণনে এই কথা প্ৰকাশ কৰিছে। অনন্তকৃষ্ণনে কয় যে তেজছ লাইট কমবেট বিমান বিক্ৰীৰ বাবে এই দেশসমূহৰ সৈতে আলোচনা চলি আছে। ভাৰতে আৰ্জেণ্টিনালৈও তেজছ জেটৰ যোগান ধৰিব যদিহে বিমানখনৰ কিছুমান অংশ মাৰ্কিন যুক্তৰাজ্যই ভাৰতক দিয়ে।

তেজছ হৈছে হিন্দুস্তান এৰোনটিক্স লিমিটেডে (এইচএএল) নিৰ্মাণ কৰা দ্বিতীয় চুপাৰচনিক যুঁজাৰু বিমান। ভাৰতীয় বায়ু সেনাৰ বাবে তেজছ মাৰ্ক ১-ৰ উৎপাদন ২০১৬ চনত আৰম্ভ হৈছিল। শেহতীয়াকৈ ভাৰতীয় বায়ুসেনাই প্ৰথমবাৰৰ বাবে দুখন আসন বিশিষ্ট তেজছ বিমান লাভ কৰিছে ।অলপতে হিন্দুস্তান এৰোনটিক্স লিমিটেডে অত্যাধুনিক তেজছ বিমানখন ভাৰতীয় বায়ু সেনাক হস্তান্তৰ কৰে। এই দুখন আসন থকা বিমান প্ৰশিক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব। এই বিমান হস্তান্তৰ কৰাৰ পিছত দেশখনে থলুৱা প্ৰযুক্তিৰে বিমান নিৰ্মাণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গৈছে।

হিন্দুস্তান এৰোনটিক্স লিমিটেডে প্ৰকাশ কৰা মতে দুখন আসনৰ অত্যাধুনিক তেজছ প্ৰশিক্ষণ বিমানখনৰ বিভিন্ন বৈশিষ্ট্য আছে। এই বিমান বায়ু সেনাক প্ৰশিক্ষণ দিয়াত সহায় কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। প্ৰয়োজন হ’লে এই বিমানখন যুদ্ধৰ সময়তো ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ পূৰ্বে ভাৰতত একক আসনৰ তেজছ যুঁজাৰু বিমান আছিল। এতিয়া দেশৰ মাটিত দুখন আসন থকা তেজছ বিমান তৈয়াৰ কৰা সম্ভৱ হৈ উঠিছে।

কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটে বাংগালুৰুৰ হিন্দুস্তান এৰোনটিক্সৰ মুখ্য কাৰ্যালয়ত যুঁজাৰু বিমানখন হস্তান্তৰ কৰা অনুষ্ঠানত উপস্থিত আছিল। বায়ুসেনাক তেজছ বিমান হস্তান্তৰ কৰাটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ৰ উদ্যোগত ইতিবাচক দিশ হিচাবে বিবেচিত হৈছে।

তেজছ যুঁজাৰু বিমানখন লাইট কমবেট এয়াৰক্ৰাফ্ট’ আৰু সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে ইয়াক নিৰ্মাণ কৰা হৈছে। তেজছে বায়ুসেনাৰ অন্তৰ্ভুক্ত মিগ-২১ বিমানৰ স্থান ল’ব। বিমানখন ইতিমধ্যে একাধিক পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰিছে । ২০২০ চনত তেজছ বিমানত প্ৰায় ২০,০০০ ফুট উচ্চতাত ৰাছিয়াত নিৰ্মিত আইএল-৭৮ ইন্ধন বাহক বিমানৰ পৰা ইন্ধন ভৰোৱা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে মালয়েছিয়াক স্বদেশী ভাৱে বিকশিত তেজছ যুঁজাৰু বিমান বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। যদিও অতি পাতল ওজনৰ, তেজছ যুঁজাৰু বিমানে অতি শক্তিশালী মিছাইল কঢ়িয়াব পাৰে। শত্ৰুৰ দৃষ্টিৰ বাহিৰত থাকি নিৰ্দিষ্ট লক্ষ্যত মিছাইল নিক্ষেপ কৰিব পাৰি। প্ৰয়োজন হ’লে ই শত্ৰুৰ যুঁজাৰু বিমানো ধ্বংস কৰিব পাৰে।

Leave A Reply