নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন

সদৌ ৰাভা ছাত্ৰ সন্থা আৰু সদৌ ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু ওদালগুৰি জিলা আৰু আঞ্চলিক ৰাভা ছাত্ৰ সন্থা সমূহৰ সহযোগত ওদালগুৰি জিলা ভেৰগাঁ‌ৱত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নিখিল ৰাভা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক যুতিয়া দ্বি-বাৰ্ষিক অধিৱেশন।যাৰ বাবে উদ্যোগক্তা সকলে ব্যাপক ৰূপত আয়োজন চলাই থকাৰ পৰিলক্ষিত হয়।অহা ১৮ ফেব্ৰুৱাৰী তাৰিখৰ পুৱা ১০ বজাৰ পৰা পতাকা উত্তোলণৰ লগতে অতিথি শালা, সভগৃহ,মঞ্চ ইত্যাদি শুভ মুকলি কাৰ্যসূচীৰে আৰম্ভ কৰি ২০ ফেব্ৰুৱাৰী দিনা মুকলি সভা অনুষ্ঠিত কৰিব।

উক্ত মুকলি সভাত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ টংকেশ্বৰ ৰাভাৰ লগতে, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, প্ৰমুখ্যে মুখ্য আতিথী হিচাপে ৰজ্যিক শিক্ষামন্ত্ৰী ড° ৰনুজ পেগুৰ লগতে কেন্দ্ৰীয় ৰাভা ছাত্ৰ সন্থা, কেন্দ্ৰীয় ৰাভা মহিলা পৰিষদৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত কেইবাগৰাকী বিধায়ক ,কাৰ্যবাহী, পাৰিষদ, তথা সমাজ কৰ্মীৰ লগতে, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতা নেতৃ বৰ্গৰ উপস্থিতিত ৰাইজৰ বিপুল সমাগমত অনুষ্ঠান সম্পন্ন কৰিব ।সেয়েহে প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজক  উক্ত অধিৱেশনখনিত অংশ গ্ৰহণ কৰি সহায় সহযোগিতাৰ লগতে সফলভাৱে চলাই নিয়াত অৰিহণা  আগবঢ়াবলৈ উদ্যোগক্তা সকলে আহ্বান জনাই।

Related Articles