Breaking

নিখিলা ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ, ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কৃতিমান ৰাভা ছাত্ৰ- ছাত্ৰীক অভিনন্দন অনুষ্ঠান…

0 1,609

নিখিল ৰাভা ছাত্ৰ সন্থাৰ স’তে জড়িত হৈ সমগ্ৰ ৰাভা জাতিক শিক্ষা ,আৰ্থ সামাজিক , বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ হকে আগবঢ়াই লৈ যোৱাৰ লগতে অধ্যয়নকো সমান্তৰালভাৱে আগবঢ়াই লৈ গৈ মই আজি ওদালগুৰি জিলাৰ পৰা প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰী অর্জন কৰা শিক্ষাৰ্থী ।মোক আজি ৰাভা সমাজে সম্বৰ্ধনা জনোৱা বাবে অভিভূত হৈ পৰিছো। জাতিটোৰ ওচৰত আজীৱন ঋণী হৈ ৰ’ম।মোৰ সংগ্ৰাম আজিৰ পৰা আৰম্ভ হৈছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তথা সদ্য ডক্টৰেট ডিগ্ৰী অর্জন কৰা ডঃ সুভাষ ৰাভাই সম্বৰ্ধনা গ্ৰহণ কৰি আৰু অভিনন্দিত কীৰ্তিমান শিক্ষাৰ্থীসকলক কয় কঠোৰ পৰিশ্ৰম ,অধ্যয়নৰ বিকল্প নাই।ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কেৰিয়াৰ সম্পৰ্কীয় মূল্যবান পৰামৰ্শ আগবঢ়োৱাৰ লগতে জাতীয় চিন্তা চেতনাৰ প্ৰতিও সজাগ হ’বলৈ আহ্বান জনায়। ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১০৫ গৰাকী কীৰ্তিমান ৰাভা ছাত্ৰ- ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই যাবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা আৰু ওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ জিলা সমিতিৰ যৌথ উদ্যোগত টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চমুৱাপাৰা গাঁ‌ও উন্নয়ন সমিতিৰ সহযোগত চমুৱাপাৰা উইং ক্লাৱৰ প্ৰাংগণত ৩১ জুলাইত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত স্বজাতীয় সাজ পাজাৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে।


ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হেমেন ৰাভাই সঞ্চালনা কৰা অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাইয়ো ছাত্ৰ- ছাত্ৰীৰ লগতে জাতিটোৰ উত্তৰণৰ হকে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।জিলা ৰাভা সন্থাৰ সম্পাদক মন্টু ৰাভা আৰু মহিলা পৰিষদৰ সম্পাদিকা জয়ন্তী ৰাভাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সভাপতি দেৱ ৰাভা ,ৰাভা গণমঞ্চৰ সভাপতি জয়ন্ত ৰাভা, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ উপসভাপতি প্ৰফুল্ল ৰাভা ,ওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী অহল্যা ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সহকাৰী সম্পাদিকা ৰশ্মি ৰেখা ৰাভা ,প্ৰাক্তন জিলা শিক্ষা সম্পাদক কিৰিটি প্ৰসাদ ৰাভা ,বায়নং বিচুৱা ডেৰাচুঙৰ সম্পাদক দৰ্পন ৰাভা ,আন্তঃৰাষ্ট্ৰীয় কাবাদী ৰেফাৰী নমল ৰাভা , অৱসৰপ্ৰাপ্ত বেংক বিষয়া অমূল্য চৰণ ৰাভা , চমুৱাপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক অক্ষয় প্ৰসাদ দাস,টংলা মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত ৰাভা ,আধিগম শিক্ষাকেন্দ্ৰৰ সঞ্চালক অৰূপ জ্যোতি ৰাভা প্ৰমুখ্যে ৰাভা সংগঠন সমূহৰ বিভিন্ন বিষয়ববীয়া আৰু ছাত্ৰ- ছাত্ৰীসকলৰ অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।পুৱা ৯-০০বজাত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ পতাকা উত্তোলন কৰে দুয়োটা অনুষ্ঠানৰ সভাপতি হেমেন ৰাভা আৰু অহল্যা ৰাভাই।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হৰকান্ত ৰাভাই শ্বহীদ তৰ্পণ কৰা কাৰ্যসূচীৰ পিছতে সমাজ সেৱক কমলা কান্ত ৰাভা, গোবিন্দ ৰাভা আৰু যোগেন চন্দ্ৰ ৰাভাই গছপুলি ৰোপণ কৰে।

Leave A Reply