মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন।

পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু। ৪ লেনযুক্ত উৰণসেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। ৪২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে সেতুখন।

সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে। ন-বোৱাৰীৰ দৰে সজাই তোলা হৈছে সেতুঁখন। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰা হৈছে।

