নীলিম কুমাৰলৈ ড০ চি নাৰয়ণ ৰেঙী ৰাষ্ট্ৰীয় বঁটা।(Nilim Kumar)
ভাৰতীয় সাহিত্যৰ এটা অতি সন্মানীয় বঁটা ড০ চি নাৰয়ণ ৰেড্ডী সাহিত্য বঁটা।
জ্ঞানপীঠ বঁটা বিজয়ী পদ্মভূষণ তেলেগু ভাষাৰ বিখ্যাত কবি-সাহিত্যিক ড০ চি নাৰয়ণ ৰেড্ডীৰ সোঁৱৰণত ভাৰতৰ এগৰাকী বিশিষ্ট সাহিত্যিকক এই বঁটা দিয়া হয়।
নীলিম কুমাৰ এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কবি-ঔপন্যাসিক।
এই বঁটাত আছে এটা স্মাৰক, এখন অংগবস্ত্র, প্রশংসা পত্ৰ আৰু নগদ পাঁচ লাখ টকা।

