Breaking

উত্তৰ প্ৰদেশৰ মিৰাটত অনুষ্ঠিত হোৱা( I.S.K.U ) ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত উজ্বলিল মৰিয়নিৰ ন গৰাকী প্ৰতিযোগী…

0 41

মৰিয়নিৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এটা ভাল খবৰ। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মিৰাটত ২০ আৰু ২১মে’ত অনুষ্ঠিত হোৱা ইচকু ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অসম দলৰ হৈ অংশ লোৱা মৰিয়নি মাৰ্চিয়েল আৰ্ট এছচিয়েছনৰ ন গৰাকী প্ৰতিযোগীয়ে কুমেটি আৰু কাটা দুয়োটা শাখাতে সোণ আৰু ৰূপৰ পদক লাভ কৰি মৰিয়নি তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত অংশ লোৱা টানিছ গগৈয়ে কাটা আৰু কুমেটিত সোণ আৰু ৰূপ, শান্তনু ভৌমিকয়ে কাটা আৰু কুমেটিত সোণ আৰু সোণ, প্ৰত্যাশা বৰায়ে কাটা আৰু কুমেটিত সোণ আৰু সোণ, যুৱৰাজ কুর্মীয়ে কাটা আৰু কুমেটিত সোণ আৰু সোণ, কেশৰাজ সিংহায়ে কুমেটিত সোণ, সুনেয়না গগৈয়ে কুমেটিত সোণ, ইশিতা ফুকনয়ে কুমেটিত সোণ, জিজ্ঞাছ দৰ্শন শইকীয়ায়ে কুমেটিত সোণ আৰু আফ্ৰিন গোহাৰে কুমেটিত ৰূপ পদক লাভ কৰিবলৈ সক্ষম হয়।

অন্যহাতে অসম দলৰ প্ৰশিক্ষক হিচাপে মৰিয়নি মাৰ্চিয়েল আৰ্ট এছোচিয়েছনৰ মুখ্য প্ৰশিক্ষক ত্ৰিদীপ গগৈ অংশগ্ৰহণ কৰি সফলতা লাভ কৰা প্ৰতিযোগী সকলক দেওবাৰে মৰিয়নী মহাবিদ্যালয়ত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মী, মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেণ গোৱালাকে ধৰি বিভিন্ন ব্যক্তি সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে।অন্যহাতে অসম চৰকাৰৰ খেল নীতিত বৰ্তমানেও কাৰাটে সন্নিবিষ্ট নাই যাৰ ফলত বহু প্ৰতিভাবান কাৰাটে খেলুৱৈ বঞ্চিত হয় বিভিন্ন সা সুবিধাৰ পৰা। বিধায়ক কুর্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ খেল নীতি কিছু সংশোধন কৰি কাৰাটেকো অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

Leave A Reply