নিতাইপুখুৰীৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে সৰৱ আছু

শাসনাধিষ্ঠিত বিজেপি-মিত্ৰজোঁট চৰকাৰে অসমৰ সত্তৰখন মহাবিদ্যালয় বন্ধ কৰি একত্ৰিকৰণ কৰিব খোজা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে৷ আনহাতে উল্লেখিত কলেজসমূহৰ ভিতৰত শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ঐতিহ্যমণ্ডিত নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ নামটো সোমাই থকাত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, দল-সংগঠন আৰু সচেতন নাগৰিকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ইফালে নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি প্ৰেৰণ কৰি মহাবিদ্যালয় একত্ৰিকৰণৰ তীব্ৰ বিৰোধিতা কৰিছে৷ বিবৃতিত উল্লেখ কৰা অনুসৰি অঞ্চলৰ একমাত্ৰ (কলা শাখা) উচ্চ শিক্ষানুষ্ঠান হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় অন্য মহাবিদ্যালয়ৰ লগত একত্ৰিকৰণ কৰা হ’ব বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা এটি তথ্য নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে৷ যি সময়ত নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবৰ বাবে দাবী জনাই আহিছে তেনে সময়তে মহাবিদ্যালয়খন বন্ধ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তত আছুৱে আশ্চৰ্য প্ৰকাশ কৰে৷

বিবৃতিত লগতে উল্লেখ কৰা অনুসৰি নিতাইপানীদিহিং অঞ্চল শিৱসাগৰ জিলাৰ সীমামূৰীয়া দুগম অঞ্চল৷ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ নিচেই কাষতে লাগি থকা লাইবিল, লাচনগাঁও, মিৰিপথাৰ, দিহিংকলঘৰ, তেতেলীগুৰি, ধাইবাৰী, শিঙিয়নী, ককিলামাৰী আদিকে ধৰি বহু অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে বানপানী আৰু যাতায়তৰ অসুবিধাৰ বাবে উচ্চশিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে৷

এই দুৰ্গম অঞ্চলৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকৰো চৰকাৰে উচ্চ শিক্ষা গ্ৰহণৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে৷ নিতাইপানীদিহিং অঞ্চলৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলৰ সপোনবোৰ কলিতে মৰহাব বিচাৰিছে৷

নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত বিবৃতিৰ জৰিয়তে অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় একত্ৰিকৰণৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়৷ অন্যথা এই বিষয়ক লৈ কোনো কাৰণতে আপোচ কৰা ন’হব বুলি স্থিতি স্পষ্ট কৰি দিয়ে৷

Related Articles