Breaking

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

0 46

অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন-খোৱা উৎসৱ উপলক্ষে ১৩ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া আৰু সামাজিক -সাংস্কৃতিক অনুষ্ঠান নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীৰ গৃহ চৌহদ।

বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীৰ যৌথ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত মিকিৰপাৰা, চকৰদৌ, পামহী আৰু গোগ তালুকৰ সভাপতি, বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী, অধিবক্তা ৰাজীৱ কলিতা, বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ উপ সভাপতিদ্বয় অমৰজ্যোতি ডেকা আৰু উৎপল দাস, কোঘাধ্যক্ষ বিজয় ৰাজবংশী , আজাৰা গাওঁ পঞ্চায়তৰ সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো, গড়চুক মিলন সংঘৰ সম্পাদক দীপক ৰাজবংশী, দেউছতাল নৱজ্যোতি সংঘৰ সম্পাদক বিজয় বড়োকে ধৰি কেবাজনো কৰ্মকর্তা , দীপৰ বিলৰ কাষৰীয়া খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ সম্পাদিকা জুমি কলিতা, সহকাৰী সম্পাদিকা অঞ্জুমণি কলিতা বৰ্মনকে ধৰি বহু বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।

আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত কেবাজনো বক্তাই ভাষণ প্রসংগত পুৰণি দিনৰ ন-খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে।

ইফালে ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি সন্ধিয়াৰ পৰা নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পীৰ দলে বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য, জনপ্ৰিয় শিল্পী ফেঞ্চী ৰাজকুমাৰী , অংকুৰ তনয় , টিনা মেধীকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত কৌতুক পৰিবেশন কৰি উপস্থিত দুই শতাধিক লোকক আপ্লুত কৰে। আনহাতে ন- খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়।

Leave A Reply