বি টি চিত নানা ধৰণৰ দুৰ্নীতি হোৱাৰ অভিযোগত ক্ৰমান্নয়ে বি টি আৰ প্ৰশাসন কঠোৰ হোৱাৰ পৰিলক্ষিত হৈছে। দুৰ্নীতি নিৰ্মূল কৰিবলৈ উঠি পৰি লাগিছে প্ৰতিটো বিভাগ।সেই অনুসাৰে প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ সন্দৰ্ভত দুৰ্নীতি কৰিলে কোনো ব্যক্তিক ৰেহাই দিয়া নহব।
প্ৰয়োজন সাপেক্ষে জেইলত যাব লাগিব বুলি প্রধানমন্ত্ৰী আৱাস যোজনাৰ বিটিচি অধ্যক্ষ তথা মনোনীত পাৰিষদ হেমন্ত ৰাভাই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী আৱাস গৃহ সমূহ নিৰ্মাণৰ বাবে ঠিকাদাৰক কনোধৰণৰ দায়িত্ব দিয়া হোৱা নাই যদি কেনেবাকৈ কনোবাটো ঘৰত থিকাদাৰ জড়িত হৈছে তেন্তে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব।প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিটিচি অধ্যক্ষ হেমন্ত ৰাভাই ভেৰগাঁৱ মহকুমা পুথি ভঁৰালত ভেৰগাঁও খণ্ড উন্নয়ন বিষয়া নিৰঞ্জয় মোচাহাৰী খণ্ড বিষয়ৰ বিভিন্ন কর্মচাৰি আৰু বিভিন্ন ভি চি ডি চিৰ চেয়াৰমেন সকলৰ সৈতে অনুষ্ঠিত হোৱা আৱাস গৃহৰ পৰ্যালোচনা সভাত উপস্থিত থাকি এই দৰে মন্তব্য কৰে বিটিচি মনোনীত পাৰিষদ গৰাকীয়ে।
টংলাৰ পৰা অৰূপ বড়োৰ ৰিপোৰ্ট

