Breaking

সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ বিদ্ৰোহ নাইঃ মুখ্যমন্ত্ৰী

0 53

ৰাজ্যত সমষ্টি পুণৰনিৰ্ধাৰণক লৈ কোনো শাসকীয় দল বিজেপি বিধায়কৰ মাজতে বিদ্ৰোহ আৰম্ভ হোৱা নাই৷ শুকুৰবাৰে তেজপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় “আজি ৩০ তাৰিখ৷ ২০ তাৰিখৰ পিছত এই দহ দিনত মই বহু বিধায়কক লগ পাইছো৷ তেনে কোনো বিদ্ৰোহৰ কথা নাই আৰু এয়া সম্ভৱেই নহয়৷ এইখন কেৱল খচৰাহে৷”

constituency

সমষ্টি পুণৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই আৰু কয় যে, পুণৰনিৰ্ধাৰণক কেন্দ্ৰ কৰি যি সকলে ৰাজপথত আন্দোলন কৰিছে, তেওঁলোকৰ কিয় আন সমষ্টিত নিৰ্বাচন খেলাৰ সাহস নাই ?

একেখন অসমতে থাকি সেইকন সাহস গোটোৱাৰ প্ৰয়োজন থাকিব লাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি লগতে কয় যে যিহেতু এইখন খচৰাহে ইয়াত ২০-৩০শতাংশ বা পাঁচ শতাংশ সালসলনি নিশ্চয় নিৰ্বাচন আয়োগে কৰিব পাৰে৷ আয়োগে ইমেইল দিছেই,কাৰোবাৰ সৰু আপত্তি থাকিলে ইমেইল কৰিব পাৰে৷

Leave A Reply