Breaking

‘কোনো ধৰণৰ সন্ত্ৰাসবাদ সহ্য কৰা নহ’ব’, জি-২০ ভাৰ্চুৱেল সন্মিলনত ভাৰতৰ স্থিতি স্পষ্ট প্ৰধানমন্ত্ৰী মোদীৰ…

0 62

জি-২০ ভাৰ্চুৱেল ছামিটঃ ভাৰতে পুনৰবাৰ বিশ্ববাসীক স্পষ্ট কৰি দিছে যে কোনো কাৰণতে সন্ত্ৰাসবাদ সহ্য নকৰে। কোনো কাৰণতে সন্ত্ৰাসবাদক সমৰ্থন কৰা উচিত নহয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ অধ্যক্ষতাত জি-২০ ভাৰ্চুৱেল সন্মিলনৰ বুধবাৰে সামৰণি পৰে। শীৰ্ষ সন্মিলনৰ নেতৃত্ব দি থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে বিশ্বৰ বিভিন্ন বিষয়ত নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ বিশ্বৰ দেশসমূহক উন্নয়নৰ বিষয়ত একত্ৰিত হ’বলৈ আৰু সংঘাতৰ সমস্যাসমূহ আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ আহ্বান জনায়।


প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘উন্নয়ন কাৰ্যসূচীৰ বাহিৰেও আমি বিশ্বৰ পৰিস্থিতি, ইয়াৰ অৰ্থনৈতিক-সামাজিক প্ৰভাৱৰ ওপৰত মত বিনিময় কৰিলোঁ। সন্ত্ৰাসবাদক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদ একেবাৰে সহ্য কৰিব নোৱাৰি। নিৰীহ লোকৰ মৃত্যু গ্ৰহণযোগ্য নহয়। জি-২০ সন্মিলনৰ সামৰণি ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমি সকলোৱে সন্ত্ৰাসবাদ আৰু হিংসাক তীব্ৰ গৰিহণা দিছো। ইজৰাইল-পেলেষ্টাইন সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুখন ৰাষ্ট্ৰৰ সমাধান প্ৰয়োজনীয়। ইয়াৰ বাবে দুয়োটা পক্ষই একেলগে উদ্যোগ ল’ব লাগিব। তেতিয়াহে পশ্চিম এছিয়াত শান্তি হ’ব। ইয়াৰ লগতে অঞ্চলটোত তাৎক্ষণিক আৰু ফলপ্ৰসূভাৱে মানৱীয় সাহায্য প্ৰদান কৰিব লাগে।

বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, ‘প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বুধবাৰে ভাৰ্চুৱেল জি-২০ সন্মিলনৰ সামৰণি পৰিল। সভাত ২১ জন সদস্যই অংশগ্ৰহণ কৰে। আলোচনাবোৰ অৰ্থপূৰ্ণ আৰু অতি উপযোগী আছিল। ভাৰতৰ জি-২০ অধ্যক্ষৰ সফল পৰিচালনাৰ বাবে সকলো নেতাই প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে।

Leave A Reply