Breaking

শান্তিৰ নোবেল বটা বিজয়ী মালালাই আৰম্ভ কৰিলে নতুন জীৱন

0 2,059

নাৰী শিক্ষাৰ বাবে অহৰহ যুঁ‌জ চলাই অহা পাকিস্থানৰ মালালা ইউচুফজাই নতুন জীৱন আৰম্ভ কৰিলে । নাৰী শিক্ষাৰ পক্ষ লোৱা বাবে সেইসময়ত টালিবানী সন্ত্ৰাসবাদীৰ ৰোষত পৰিছিল ১১ বৰ্ষীয়া মালালা । ২০১২ চনত টালিবানী সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাইছিল ১১বছৰীয়া মালালা ইউচুফজাই ওপৰত । স্কুল ৰ পৰা ঘৰলৈ ওভতাৰ পথত হোৱা আক্ৰমণটোত গুৰুতৰ ভাৱে আহত হৈছিল মালালা । ব্ৰিটেইনত দীঘলীয়া চিকিৎসাৰ অন্তত সুস্থ হৈছিল মালালা । তাৰ পিচত পুৰ্বতকৈ দুগুণ উৎসাহেৰে পাকিস্থানত নাৰী শিক্ষাৰ বাবে যুঁ‌জ অব্যাহত ৰাখিছিল । ২০১৪ চনত শান্তিৰ নোবেল বটাৰ বাবে মনোনিত হৈছিল মালালা ইউচুফজাই ।
মঙলবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে শান্তিৰ নোবেল বটা বিজয়ী মালালা ইউচুফজায়ে । মালালা ইউচুফজায়ে সহযোগী অসৰ ৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে ।ব্ৰিটেইনৰ বাৰ্মিংঘাম স্থিত বাসভৱনত নিকাহ সম্পন্ন হয় মালালা-অসৰৰ । টুইটাৰৰ যোগেৰে নিকাহ অনুষ্ঠানৰ ফটো আপলোড কৰি মালালাই লিখিছে , মোৰ জীৱনৰ এয়া এক গুৰুত্বপুৰ্ণ দিন , অসৰ আৰু মই চিৰজীৱনৰ বাবে বিবাহপাশত আৱদ্ধ হলো ।

Leave A Reply