সামাজিক মাধ্যমত তথা পঢ়ুৱৈ সমাজত চৰ্চিত এখন গ্ৰন্থ। (Nobin Buragohain) “আহোম বুৰঞ্জী-কোষ” নামৰ গ্ৰন্থখনি ১২ বছৰৰ কষ্টৰ অন্তত লেখক নবীন বুঢ়াগোঁহাইয়ে পঢ়ুবৈ সমাজলৈ এৰি দিছে।
আজি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গনত গ্ৰন্থখনি “জা ছিং ফা” অনুষ্ঠানেৰে পূৰ্বপুৰুষলৈ উছৰ্গা গ্ৰন্থখনিৰ ৰচনা কালত ৰৈ যোৱা ভুল ক্ৰটিসমূহ যে দুখ নধৰে তাৰ বাবে এই ব্যতিক্ৰমী মাংগলিক পৰ্ব সম্পন্ন কৰে।
আহোম সেনা আৰু অসাম বুক ট্ৰাষ্টৰ উদ্যোগত “জা ছিং ফা” অনুষ্ঠান ঐতিহাসিক তলতল ঘৰত মুলুং সকলৰ উপস্থিতিৰ লগতে শিৱসাগৰৰ বহু ব্যক্তিৰ অংশগ্ৰহণ।
গ্ৰন্থখনিত পঢ়ুৱৈ আহোম বুৰঞ্জী তথা সেই সময়ৰ ইতিহাস বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয় সন্নিবিষ্ট কৰাৰ লগতে ৩ হাজাৰ বিষয়, ৩৫২ খন গৱেষনামূংলক ৰেখাচিত্ৰ,২৫০ খন ফটো, স্থাপত্যকেন্দ্ৰিক ৫০ খন নস্কা আৰু ৫ খন মানচিত্ৰয়ে আহোম বূৰঞ্জী কোষখন লেখকে সজাই পৰাই পাথক সমাজলৈ এৰি দিছে। নিশ্চয়কৈ এই গ্ৰন্থখন ভৱিষ্যতে অসমীয়া জাতিৰ এক জীয়া দলিল হৈ ৰ’ব।

