নন-ভেজ প্ৰেমীসকল (Non Veg) সাৱধান হওক! যদি আপুনি সপ্তাহত ৩ দিন মাংস খায়, তেন্তে আপুনি কিছুমান গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।
অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা তথ্য লাভ কৰিছে যে সপ্তাহত তিনিদিনতকৈ অধিক ৰঙা মাংস বা প্ৰচেছড মাংস খোৱা লোকৰ বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। অত্যধিক নন-ভেজ খালে আয়ুস হ্ৰাস পাব পাৰে। কিন্তু ৰঙা মাংস খালে ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
বৰ্তমান সময়ত নন-ভেজ নোখোৱা মানুহ খুব কম। নন-ভেজ যিমানে সোৱাদযুক্ত নহওক কিয়, কিন্তু ই আমাৰ শৰীৰৰ বাবে বহু বেছি ক্ষতি কাৰক। যদি আপুনিও সপ্তাহত তিনিদিন নন-ভেজ খায়, তেন্তে আপুনিও বহুতো গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। এই কথা আমি কোৱা নাই, অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নতহে এই তথ্য পোৱা গৈছে।
বিএমচি মেডিচিন জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নত কোৱা হৈছে যে যদি আপুনি প্ৰতি সপ্তাহত তিনিবাৰতকৈ অধিক ৰঙা মাংস যেনে ছাগলী, গৰুৰ মাংস, বেকনৰ দৰে প্ৰচেছড মাংস অধিক পৰিমাণে খালে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
এই অধ্যয়নত দেখা গ’ল যে সপ্তাহত তিনিবাৰতকৈ অধিক ৰঙা বা প্ৰচেছড মাংস খোৱা লোকৰ হৃদৰোগ, ডায়েবেটিছ, হজম শক্তি সম্পৰ্কীয় সমস্যা, নিউমোনিয়া হ’ব পাৰে। লগতে ইহঁতৰ আয়ুস কমিব পাৰে।
অৱশ্যে কুকুৰাৰ মাংস খালে ৰক্তহীনতাৰ সম্ভাৱনা কম হ’ব বুলি তথ্য প্ৰকাশ। এই অধ্যয়নত এইটোও কোৱা হৈছে যে মানুহৰ ওজনেও এই ৰোগৰ আশংকা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ৰঙা মাংস আৰু প্ৰচেছড মাংসত প্ৰটিনৰ পৰিমাণ বেছি, গতিকে ইয়াৰ অত্যধিক সেৱনে হজম সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ইয়াৰ উপৰিও উচ্চ ৰক্তচাপ, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনাও বৃদ্ধি পায়। হাওঁফাওঁৰ ৰোগো হ’ব পাৰে। মাংসত থকা কলেষ্টেৰলে শৰীৰৰ হৰম’নত বেয়া প্ৰভাৱ পেলাব পাৰে।

