উত্তৰ গুৱাহাটীত এজাক কিশোৰীৰ “অপ্সৰা নৃত্য”

উত্তৰ গুৱাহাটীত এজাক কিশোৰীৰ “অপ্সৰা নৃত্য”।

যেন মৰ্তলোক নহয়, ত্ৰী সন্ধা পৰৰ দেৱলোকত পৰিণত হৈছে উত্তৰ গুৱাহাটী।

প্ৰচণ্ড শীতৰ মাজতে আউনীআটী সত্ৰীয়া ঐতিহ্য ভৱনৰ বাকৰি জীপাল হ’ল সত্ৰীয়া নৃত্যৰে ।

আউনীআটী সত্ৰৰ একক আৰু অনন্য অপ্সৰা নৃত্যৰ লগতে শিক্ষাৰ্থী সকলে পৰিবেশন কৰে কৃষ্ণ নৃত্য,গোপী নৃত্য,ঝুমুৰা নৃত্য,নাদুভঙ্গী নৃত্য , চালি নৃত্য আৰু অভিনয় নৃত্য ।

সত্ৰীয়া আধ্যাত্মিক কলা নিকেতনৰ গুৰু লক্ষ্মী কাকতিৰ উদ্যোগত পৰিবেশন কৰা হয় এটাৰ পিছত আনটো আকৰ্ষণীয় নৃত্যানুষ্ঠান ।

গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ কেইবাখনো সত্ৰীয়া বিদ্যালয়ৰ দুই শতাধিক প্ৰতিভাৱান শিক্ষাৰ্থীয়ে ।

আউনীআটী সত্ৰৰ প্ৰত্যক্ষ উদ্যোগত আয়োজন কৰা হয় অনুষ্ঠান ।

নতুন প্ৰজন্মক আধ্যাত্মিক চিন্তা-চেতনাৰে সঠিক মাৰ্গ দৰ্শন দেখুওৱাৰ প্ৰয়াস কৰা হৈছে ঐতিহ্যমণ্ডিত সত্ৰখনিয়ে ।

প্ৰধান মন্ত্ৰীৰ “পৰিক্ষা পৰে চৰ্চা” কাৰ্যসূচীত অংশগ্ৰহণ কৰা অৰ্পিতা দাসৰ বৈষ্ণৱ সাংস্কৃতিক প্ৰতিভা দেখি অভিভূত উপস্থিত ৰাইজ।

Related Articles