উত্তৰ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক প্ৰকল্প হাৰিয়ানাৰ গোৰখপুৰত স্থাপন কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই প্ৰকল্পটোৱে ভাৰতৰ পাৰমাণৱিক ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব। বিগত আঠ বছৰত কেইবাটাও গুতুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পাৰমাণৱিক শক্তি বিভাগক পাৰমাণৱিক শক্তি প্ৰকল্প মুকলি কৰাৰ বাবে সম্পদ আহৰণৰ অৰ্থে পিএছইউৰ সৈতে যুটীয়া উদ্যোগ গঠনৰ অনুমতি দিয়া হৈছে। এই প্ৰকল্পই অনাগত দিনত ভাৰতৰ সকলো শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়।তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশৰ অন্যান্য প্ৰান্তত পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপন কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে। পূৰ্বে এনে পাৰমাণৱিক প্ৰকল্পৰ বেছিভাগ দক্ষিণ ভাৰতৰ ৰাজ্য যেনে তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশ বা মহাৰাষ্ট্ৰতে সীমাবদ্ধ আছিল বুলিও তেওঁ কয়।সিঙে লগতে কয় যে মোদীৰ চৰকাৰে ১০ টা পাৰমাণৱিক চুল্লি স্থাপনৰ বৃহৎ অনুমোদন প্ৰদান কৰিছে।
এক বিবৃতিত পাৰমাণৱিক শক্তি বিভাগে কয় যে হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ গোৰখপুৰ গাঁৱৰ ওচৰত প্ৰেচাৰাইজড হেভি ৱাটাৰ ৰিএক্টৰ (পিএইচডব্লিউআৰ)ৰ প্ৰতিটো থলুৱা ডিজাইনৰ ৭০০ এমডব্লিউই ক্ষমতাৰ দুটা ইউনিট হাৰিয়ানা অনু বিদ্যুৎ পৰিযোজনাৰ (জিএইচএভিপি) অধীনত কাৰ্যকৰী হৈ আছে।এতিয়ালৈকে প্ৰকলপটোৰ নামত মুঠ আৱণ্টিত ২০,৫৯৪ কোটি টকাৰ ভিতৰত ৪,৯০৬ কোটি টকা ব্যয় কৰা হৈছে।ফায়াৰ ৱাটাৰ পাম্প হাউচ (এফডব্লিউপিএইচ), সুৰক্ষা সম্পৰ্কীয় পাম্প হাউচ (এছআৰপিএইচ), ফুয়েল অইল ষ্টোৰেজ এলেকা-১ আৰু ২ (এফ.ও.এছ.এ.-১-২), ভেণ্টিলেচন ষ্টেক, অভাৰহেড টেংক (ও.এইচ.টি.), চুইচয়াৰ্ড নিয়ন্ত্ৰণ ভৱন, সুৰক্ষা সম্পৰ্কীয় সুৰংগ আৰু খাদ, ৰিটেইনিং ৱাল আৰু গাৰ্লেণ্ড ড্ৰেইন আদিৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলিও কোৱা হৈছে।

