উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উদ্যোগ ৱেবিনাৰৰ মাধ্যমেৰে ড০ লীলা গগৈক স্মৰণ

উজনি-মাজুলী : অসম সাহিত্য সভাৰ ১৯৯৪ চনৰ মৰিগাঁও অধিৱেশনত সভাপতিত্ব কৰা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, গ্ৰন্থকাৰ, সু-সংগঠক ড০ লীলা গগৈৰ মৃত্যু দিৱসটি অনন্য ৰূপত পালন কৰে মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই | ‘বেলি মাৰ গ’ল’ শীৰ্ষক জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টাগৰাকীৰ সোঁৱৰণত শাখাৰ বিষয়ববীয়াসকলৰ নিয়ন্ত্ৰণত আয়োজিত হোৱা এখনি গাম্ভীৰ্যপূৰ্ণ ‘ৱেবিনাৰ সাহিত্য সন্মিলন’ত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ কাৰ্যকৰী সভাপতি তথা ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যাপক বীৰেন বৰুৱাই মুখ্য বক্তাৰ ভাষণত গগৈৰ ছাত্র হিচাপে শিক্ষাগ্ৰহণ কৰাৰ লগতে তেখেতৰ গুণানুকীৰ্তন কৰি আবেগ-বিহ্বল হৈ পৰে | অনাতাঁৰ শিল্পী গোলাপ চন্দ্ৰ নাথৰ সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গৰাকীৰ বিস্তৃত সাহিত্য-কৰ্মৰ আলোকপাত কৰি শ্ৰদ্ধাঞ্জলি আগবঢ়ায় | উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা ৱেবিনাৰখনত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি কনক চন্দ্ৰ বৰুৱা, উপ-সভাপতি প্ৰণৱজিৎ মিশ্ৰ, সত্রীয়া শিল্পী মুহিকান্ত বৰা বৰবায়ন, নিয়মীয়া বাৰ্তাৰ সাংবাদিক প্ৰাঞ্জল খাউণ্ড, সাহিত্য-সংগঠক পাপু বৰা, ডা: বিমান সাগৰ নাথ, নৃপেন বৰা প্ৰমুখ্যে বহুকেইজন সাহিত্যকৰ্মীৰ শব্দ-মালিতাৰে জীপাল হৈ পৰে | সাম্প্ৰতিক সময়ত কৰোণাই ছানি ধৰা সমাজখনত সামূহিক উপস্থিতি বৰ্জনেৰে লোৱা এই সময়োপযোগী ব্যতিক্ৰমী প্ৰয়াসৰ শলাগ লয় অংশগ্ৰহণকাৰীসকলে |

Related Articles