নৰ্থ লখিমপুৰ কলেজত ‘সাঁচিপতীয়া পুথি পঠন, লিখন আৰু অংকণ’ শীৰ্ষক কৰ্মশালা সম্পন্ন । North Lakhimpur Collage

North Lakhimpur Collage । ‘ঐতিহ্যই হ’ল এটা জাতিৰ প্ৰকৃত পৰিচয়৷ ঐতিহ্যৰ সংৰক্ষণ কৰিব জানিলেহে স্বাভিমান বৰ্তি থাকিব৷’ – এই মন্তব্য ডক্টৰ সংগীতা গগৈৰ৷ নৰ্থ লখিমপুৰ কলেজত অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়ে আয়োজন কৰা এখন কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ গগৈয়ে এইদৰে কয়৷ ‘পুৰণি অসমীয়া পুথি পঠন, লিখন আৰু অংকণ’ শীৰ্ষক উক্ত কৰ্মশালা সম্পৰ্কে তেওঁ লগতে কয় যে, ভাৰতীয় জ্ঞান ব্যৱস্থাক লৈ কেৱল গৌৰৱ কৰি থাকিলেই নহ’ব, ইয়াৰ গুৰুত্ব প্ৰতিষ্ঠা কৰিবৰ বাবে যথাযোগ্য অনুশীলনো কৰিব লাগিব৷

যোৱা ৩ জুলাইৰ পৰা জ্জ জুলাইলৈ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহযোগত উক্ত কৰ্মশালাখন অনুষ্ঠিত হয়৷ কৰ্মশালা উদ্বোধন কৰে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ডক্টৰ বিমান চন্দ্ৰ চেতিয়াই৷ আদৰণি ভাষণ দিয়ে অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ অৰবিন্দ ৰাজখোৱাই৷ কৰ্মশালাখনৰ সমন্বয়ক হিচাপেও ডক্টৰ ৰাজখোৱাই দায়িত্ব লয়৷ উদ্বোধনী অনুষ্ঠানত নৰ্থ লখিমপুৰ কলেজৰ শৈক্ষিক সমন্বয়ক বাণীকান্ত কোঁৱৰ আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়ৰ গৱেষণা বিষয়া নম্ৰতা কাকতিও উপস্থিত থাকে৷ সপ্তাহজোৰা এই কৰ্মশালাত সাঁচিপতীয়া পুথি পঠনৰ শিক্ষা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ধনজিৎ তালুকদাৰে৷ তেওঁ পুৰণি অসমীয়া লিপিৰ শৈলীসমূহৰ পাঠ প্ৰদান কৰাৰ পাছত বহু প্ৰকাৰৰ সাঁচিপতীয়া পুথিৰ পঠন অভ্যাস কৰায়৷ আনহাতে সাঁচিপতীয়া পুথি লিখন আৰু চিত্ৰ অংকণৰ শিক্ষা প্ৰদান কৰে বিশিষ্ট চিত্ৰশিল্পী তথা গৱেষক মৃদু মৌচম বৰাই৷

খ্যাতিসম্পন্ন শিল্পী বৰাই অংশগ্ৰহণকাৰীসকলক ব্যৱহাৰিকভাৱে সাঁচিপাত প্ৰস্তুত, ৰং প্ৰস্তুত আদি প্ৰক্ৰিয়াৰ শিক্ষণৰ মাজেদি চিত্ৰ অংকণ কৰিবলৈ শিকায়৷ সম্পাহজোৰা এই কৰ্মশালাত মুঠ ৫০ গৰাকী শিক্ষাৰ্থীয়ে অংশ লয়৷ তেওঁলোক প্ৰত্যেকেই অসমীয়া ভাষাৰ সাঁচিপতীয়া পুথি পঢ়িব পৰা দক্ষতা অৰ্জন কৰে৷ লগতে প্ৰস্তুত প্ৰণালী লিখন আৰু অংকণতো পাৰ্গত হৈ উঠে৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ ঐতিহ্যৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ নথকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়ে লোৱা পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ পুৰণি পুথি অধ্যয়ন কৰিব জনা এচাম ব্যক্তি সৃষ্টি কৰাটো সম্প্ৰতি ভাৰতবৰ্ষত প্ৰৱৰ্তিত নতুন শিক্ষানীতিত গুৰুত্ব প্ৰদান ভাৰতীয় জ্ঞান ব্যৱস্থাৰ বাবেও ইতিবাচক৷ এই কৰ্মশালা আয়োজনেৰে লখিমপুৰৰ শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ বাবে কৰ্মশালাৰ সমন্বয়ক ডক্টৰ অৰবিন্দ ৰাজখোৱাই অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয় আৰু ভাৰপ্ৰাপ্ত সঞ্চালক ডক্টৰ সংগীতা গগৈক ধন্যবাদ জ্ঞাপন কৰে৷

Related Articles