ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ’ত শ্ৰেষ্ঠ দলৰ সন্মান নৰ্থ লখিমপুৰ কলেজলৈ…

লক্ষীমপুৰ তেলাহি কমলাবৰীয়া মহাবিদ্যালয়ত ২২ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰী লৈ অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ ২০২২-২৩ ত মুঠ ১৬ টা পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মানেৰে উজ্বলিল নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্বশাসিত)। উত্তৰ অসমৰ ঐতিহ্য মণ্ডিত কলেজ খনৰ এই সাফল্যই মহাবিদ্যালয় খনৰ লগতে জিলা খনিলৈ গৌৰৱ কঢ়িয়াই আনিছে। দলীয় লোক নৃত্যত মহাবিদ্যালয় দ’লটিয়ে সোণৰ পদক লাভ কৰি তৃতীয় বাৰলৈ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে । এই দলটিত আছিল বিশ্বজিৎ হাজৰিকা, লাটুমণি চাংমাই,সূৰজ গগৈ, দৰ্পণ দত্ত, প্ৰাচুৰ্য গগৈ, দীপাংকৰ নাথ, ৰিম্পী বুঢ়াগোহাঁই, ৰশ্মি গগৈ, বৰষা বৈষ্য আৰু কৰিস্মা গগৈ । দলীয় লোকগীতত ৰূপৰ পদক লাভ কৰে মহাবিদ্যালয়ৰ বিশ্বজিৎ হাজৰিকা, প্ৰাচুৰ্য গগৈ, ৰিম্পী বুঢ়াগোহাঁই আৰু ৰশ্মি গগৈৰ দলটিয়ে। লোকবাদ্যৰ সুৰ সমলয়ৰ প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ দলটিয়ে দ্বিতীয় বাৰলৈ সোণৰ পদক লাভ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দলটিত আছিল বিশ্বজিৎ হাজৰিকা, সূৰজ গগৈ, সপ্তৰ্ষী মহন, দৰ্পণ দত্ত, প্ৰাচুৰ্য গগৈ, দীপাংকৰ নাথ, ৰিম্পী বুঢ়াগোহাঁই, কৃষ্ণা প্ৰিয়া ফুকন।

গজল গায়নত সীমা কুমাৰীয়ে ব্ৰঞ্জৰ পদক আৰু আধুনিক গীতত ৰূপৰ পদক, ৰংগোলী প্ৰতিযোগিতাত শৰৎ শইকীয়াই ব্ৰঞ্জৰ পদক আৰু কʼলাজ ত ৰূপৰ পদক, ঢোলত প্ৰাচুৰ্য গগৈয়ে ব্ৰঞ্জৰ পদক আৰু গগণাত বৰষা বৈষ্যই সোণৰ পদক, পশ্চিমীয়া সংগীতত পৰিস্মীতা দত্তই ব্ৰঞ্জৰ পদক আৰু ইনষ্টলেচনত শৰৎ শইকীয়া, শশাংকু চেতিয়া , জুবিন শইকীয়া আৰু শচীন দলেৰ দলটিয়ে সোণৰ পদক লাভ কৰে। যুৱ মহোৎসৱ শ্ৰেষ্ঠ তাৰ্কিক হিচাপে সোণৰ পদক লাভ কৰা মহাবিদ্যালয় হষ কুমাৰ সিঙে , অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা যাত্ৰিক ভূঞাঁই ৰূপৰ পদক লাভ কৰে, সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ দ’লটিয়ে সোণৰ পদক লাভ কৰে । সৃষ্টিশীল নৃত্যত উপাসনা শইকীয়াই বিচাৰকৰ বিশেষ বঁটা আৰু তবলা বাদনত দৰ্পণ দত্তই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। উল্লেখ্য যে যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰা আলোচনী প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ আলোচনী খনে শ্ৰেষ্ঠ আলোচনী সন্মান লাভ কৰে। মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লগতে মহাবিদ্যালয়ৰ সংগীত আৰু সাংস্কৃতিক শাখাৰ তত্ত্বাৱধায়ক ড° চুচেংফা গগৈ আৰু ভুগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° স্বপ্নালী গগৈৰ তত্বাৱধানত দলটিয়ে যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল আৰু নেতৃত্ব প্ৰদান কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সংগীত আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক ৰিম্পী বুঢ়াগোহাঁইয়ে।


উল্লেখযোগ্য যে এই যুৱ মহোৎসৱেই আছিল নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্বশাসিত)ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অন্তিমটো আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ।

Related Articles