Breaking

উত্তৰ তেজপুৰ আৰু খৰাআটি ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জন গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ

0 71

৬৩ সংখ্যক উত্তৰ তেজপুৰ আৰু মাজগাঁও খৰাআটি ৰঙালী বিহু সন্মিলনৰ কালি অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিছে গুৱাহাটীৰ চতুৰ্থ অসম আৰক্ষী বাহিনীয়ে৷

ৰাজ্যখনৰ মুঠ ১৫টা বিহুৱা দলে অংশ লোৱা মুকলিবিহু প্ৰতিযোগিতাখনত ঢেকিয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দলে দ্বিতীয় আৰু জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুৱা দলে তৃতীয় স্থান লাভ কৰে৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাখনত মঘাই বিহুৱা দলৰ কন্দৰ্প দাসে শ্ৰেষ্ঠ ঢুলীয়া,তেজপুৰ আঞ্চলিক অগ্নিশিখা বিহুৱা দলৰ জিন্তু শইকীয়াই শ্ৰেষ্ঠ পেপুৱা,ফ্ৰেণ্ডশ্বিপ বিহুৱা দলৰ দীপু দত্তই শ্ৰেষ্ঠ বিহুৱা আৰু ব্ৰহ্মপুত্ৰ বিহুৱা দলৰ কৰিণা সোনোৱালে শ্ৰেষ্ঠা বিহুৱতীৰ খিতাপ অৰ্জন কৰে৷

অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী দেৱীয়ে উদ্বোধন কৰি বৰ্তমানৰ বিহু আৰু পূৰ্বৰ বিহুৰ মাজৰ পাৰ্থক্যৰ বিষয়ে উল্লেখকৰি দুটা পুৰণা বিহুগীতো গায়৷

উল্লেখযোগ্য যে,তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ উপৰিও কে’বা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাখনত প্ৰবীন বিহু শিল্পী মাধুৰিমা চৌধুৰী, দ্বীজেন গগৈ আৰু জয়ন্ত গগৈয়ে বিচাৰকৰ দায়িত্ব পালন কৰে৷

Leave A Reply