Breaking

উত্তৰ–পূর্বাঞ্চলৰ আইএলপিৰ বৈধতাক লৈ ছুপ্রিম ক’ৰ্টত গোচৰ

0 1,023

উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যত প্রৱর্তন হৈ থকা ইনাৰ লাইন পার্মিট (আই এল পি) ব্যৱস্থাৰ সাংবিধানিক বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ বৰাক উপত্যকাৰ বেচৰকাৰী সংগঠন আমৰা বাঙালী নামৰ সংগঠনটোৰ আবেদনৰ ভিত্তিত ৰুজু হোৱা এই গোচৰৰ শুনানি গ্রহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কেন্দ্র আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰাৰ লগতে শপতনামা দাখিল কৰিবলৈ নির্দেশ দিছে৷ ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ খণ্ড বিচাৰপীঠখনে চাৰি সপ্তাহৰ ভিতৰত এই বিষয়টো সন্দর্ভত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহক শপতনামা দাখিলৰ নির্দেশনা প্রদান কৰিছে৷

উল্লেখ্য যে এই আবেদনখনৰ জৰিয়তে সংগঠনটোৱে মূলতঃ মণিপুৰত প্রৱর্তন হৈ থকা আই এল পি ব্যৱস্থাক প্রত্যাহ্বান জনাইছে যদিও সামগ্রিকভাৱে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বলৱৎ হৈ থকা সমগ্র ব্যৱস্থাটোৰে সাংবিধানিক বৈধতা সম্পর্কত উচ্চতম ন্যায়ালয়ে চালি–জাৰি চাব৷ গুচৰীয়া পক্ষৰ মূল অধিবক্তা এফ এ আয়ুবীয়ে ‘নিয়মীয়া বার্তা’ক এই কথা জানিবলৈ দিছে৷ ১৮৭৩ চনতে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনৰ অধীনত আই এল পি প্রৱর্তন কৰা হৈছিল৷ তেতিয়াৰ অবিভক্ত অসমৰ অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডৰ উপৰি অসমৰ অবিভক্ত গোৱালপাৰা আৰু কামৰূপ জিলাতো বলৱৎ কৰা হৈছিল আই এল পি ব্যৱস্থা৷ বর্তমানৰ মেঘালয়ৰ গাৰো হিলছ, খাচী হিলছ আৰু জয়ন্তীয়া হিলছতো এই ব্যৱস্থা প্রৱর্তিত আছিল৷ ২০১৯ চনৰ ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন সংসদত গৃহীত হোৱাৰ প্রাক্মুহূর্তত কেন্দ্রীয় গৃহ মন্ত্রালয়ে ব্রিটিছ যুগৰ আই এল পি অসমৰ পৰা প্রত্যাহাৰ কৰি ৰাজপত্রিত অধিসূচনা জাৰি কৰাৰ পাছতেই এই বিষয়টো পুনৰ পোহৰলৈ আহিছিল৷ প্রকৃততে বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনৰ অধীনত অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মিজোৰামৰ পূর্বে অসমত আই এল পি বলৱৎ হৈ আছিল৷ আইনী মেৰপেঁচৰ পৰা মুক্ত হোৱাৰ লক্ষ্যৰে নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পূর্বে অসমৰ পৰা আই এল পি প্রত্যাহাৰ কৰি কেন্দ্রীয় চৰকাৰে অধিসূচনা জাৰি কৰিছিল৷

ইপিনে, উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহতো ব্রিটিছ যুগৰ এই ব্যৱস্থা কিয় বর্তি থাকিব বুলি আমৰা বাঙালী নামৰ সংগঠনটোৱে প্রশ্ণ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ এই আবেদনৰ সৈতে আমৰা বাঙালীয়ে দাখিল কৰা শপতনামা অনুসৰি জনজাতীয় লোক আৰু এলেকাসমূহৰ স্বার্থ সুনিশ্চিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত আই এল পি ব্যৱস্থা বলৱৎ কৰি ৰাখিব বিচাৰিছে যদিও প্রকৃততেই এই ব্যৱস্থাই ৰাজ্যৰ সামগ্রিক উন্নয়নত প্রভাৱ পেলাইছে৷ বিশেষকৈ পর্যটন ক্ষেত্রত ইয়াৰ বিৰূপ প্রভাৱ পৰিছে বুলি উল্লেখ কৰিছে শপতনামাত৷ উচ্চতম ন্যায়ালয়ত গুচৰীয়া পক্ষৰ হৈ যুক্তি প্রদর্শন কৰি অধিবক্তা আয়ুবীয়ে কয় যে ইনাৰ লাইন পার্মিটৰ ব্যৱস্থাই ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৯ আৰু ২১ সংখ্যক অনুচ্ছেদে প্রদান কৰা ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰ খর্ব কৰিছে৷ কিয়নো এই ব্যৱস্থাই এখন ৰাজ্যত নিজৰ বাসিন্দাসকলৰ বাহিৰে আন কোনো ভাৰতীয়ক প্রৱেশ অথবা প্রস্থানৰ বাবে অনুমতি প্রদান কৰাৰ ক্ষমতা দি আহিছে৷ সেয়েহে এই ক্ষমতা অযোগ্য ক্ষমতা বুলি সমগ্র ব্যৱস্থাটোকে সংগঠনটোৱে প্রত্যাহ্বান জনাইছে৷ লক্ষণীয় যে ২০১৯ চনৰ ১১ ডিচেম্বৰত অসমৰ পৰা আই এল পি প্রত্যাহাৰ কৰি জাৰি কৰা ৰাজপত্রিত অধিসূচনাক প্রত্যাহ্বান জনাই সদৌ অসম তাই আহোম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ২০২০ বর্ষৰ মে’ মাহত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰৰ স্থিতি সদৰী কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু আজিপর্যন্ত ইয়াৰ কোনো স্পষ্ট উত্তৰ কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্রকাশ কৰা নাই বুলি জানিব পৰা গৈছে৷ নতুনকৈ আই এল পিক লৈ ৰুজু হোৱা গোচৰটোৰ পৰৱর্তী শুনানি অহা ১৮ ফেব্রুৱাৰীত গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে৷

Leave A Reply