নাকত আঙুলি সুমুৱাই থকা অভ্যাসটো সাধাৰণ(Nose Picking Habit) অভ্যাস যদিও ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। কেৱল বেয়া অভ্যাসেই নহয়, কিছুমান ক্ষেত্ৰত ই মাৰাত্মক অভ্যাস।
যদি আপোনাৰ পৰিয়ালৰ কোনোবাই ‘নাকত আঙুলি সোমোৱা’ৰ অভ্যাস আছে, তেন্তে তেওঁক সকীয়াই দিয়ক। তেওঁক কওক যে নাকত আঙুলি নুসুমুৱাব, এইটো এটা বেয়া অভ্যাস আৰু এনে অভ্যাস সলনি কৰক।
নাকত বাৰে বাৰে আঙুলি সুমুৱাই থকাটো কিয় বিপদজনক জানেনে ?
চিকিৎসকৰ মতে আমাৰ মুখত ত্ৰিভুজ আকৃতি আছে। ই আমাৰ নাকৰ পৰা আৰম্ভ হৈ মুখৰ দুয়োকোণলৈকে ত্ৰিভুজৰ আকৃতিৰ সৃষ্টি কৰে। ইয়াত যদি সংক্ৰমণ হয় তেন্তে স্নায়ুৰ জৰিয়তে পোনে পোনে মগজুলৈ যাব পাৰে। ইয়াৰ ফলত মগজুৰ স্থায়ী ক্ষতি হ’ব পাৰে আনকি মৃত্যুও হ’ব পাৰে।
এই বিপদৰ পৰা হাত সাৰিবলৈ কিছু সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। নাকত আঙুলি ভৰাই নাকৰ চুলি ছিঙি লোৱাৰ পৰা বিৰত থাকিব লাগে। নাকত পিম্পল বা ফোঁহা হ’লে সাৱধান হ’ব। নাক পৰিষ্কাৰ কৰিবলৈ টিছু পেপাৰ বা নাকৰ টোপাল আৰু চিকিৎসকে দিয়া স্প্ৰে’ ব্যৱহাৰ কৰিব লাগে। হাত দুখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে ভুলবশতঃ আঙুলিটো নাকৰ ফালে গ’লে সংক্ৰমণ বিয়পি নাযায়। ইয়াৰ উপৰিও নাক আৰু ইয়াৰ আশে-পাশে ফুলা, চকুত বিষ বা জ্বৰ হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

